Gen Z-ৰ বিক্ষোভত বিস্ফোৰক নেপাল, পুলিচৰ গুলীত নিহত ২১ প্রতিবাদী
Gen Z বিদ্রোহত জ্বলিছে নেপাল৷ তৰুণ প্রজন্মৰ প্রতিবাদী আৰু নিৰাপত্তাৰক্ষীৰ সংঘর্ষত ৰণক্ষেত্রত পৰিণত কাঠমাণ্ডু৷ কে পি অলি শর্মা নেতৃত্বাধীন চৰকাৰে সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ নেপালৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ যুৱক–যুৱতী৷ তৰুণ প্রজন্মৰ বিক্ষোভ হিংসাত্মক পৰিস্থিতিলৈ পর্যবসিত হৈছে৷
প্রতিবাদী যুৱক–যুৱতীক নিয়ন্ত্রণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে পানীহিলৈ, কন্দুৱা গেছ, অৱশেষত গুলীচালনা কৰাত ২১ প্রতিবাদীৰ মৃত্যু ঘটিছে৷ বিক্ষোভকাৰী–নিৰাপত্ত্ সংঘর্ষত অতি কমেও ২৫০ আহত হৈছে৷
নেপাল চৰকাৰে সামাজিক মাধ্যম বিশেষকৈ ফেচবুক, ইনষ্টাগ্রাম, হোৱাটছএপ, ইউ টিউব আৰু স্নেপশ্বট নিষিদ্ধকৰণক লৈ কে পি চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ প্রদর্শন কৰে তৰুণ প্রজন্মই৷ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহা হাজাৰ হাজাৰ যুৱক–যুৱতীৰ প্রতিবাদে সংৰক্ষিত অঞ্চলৰ বেহু ভেদি সংসদ ভৱন চৌহদত প্রৱেশ কৰিবলৈ বিচাৰোঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি৷
প্রতিবাদকাৰীক সংসদ ভৱন চৌহদৰ ভিতৰত প্রৱেশত বাধা দিবলৈ নিৰাপত্তা বাহিনীয়ে বিশেষকৈ আৰক্ষীয়ে পানীহিলৈ, লাঠীচালনা, কন্দুৱা গেছ নিক্ষেপ কৰে৷ ইয়াৰ পাছতো প্রতিবাদকাৰীয়ে নিজৰ স্থিতিত অটল থাকি আগবাঢ়ি যাবলৈ বিচাৰোঁতে আৰক্ষীৰ সৈতে হতাহতি হয়৷ আৰক্ষীৰ সৈতে সংঘর্ষৰ পাছতেই পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ গুলীচালনা কৰে৷ এই গুলীচালনাত ২১ প্রতিবাদী নিহত হৈছে৷
প্রতিবাদকাৰীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতেই সমগ্র নেপালখনতেই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰাজধানী কাঠমাণ্ডুত দেখামাত্রকে গুলীওৱাৰ নির্দেশ দিয়া হৈছে৷ সান্ধ্য আইন জাৰি কৰি কাঠমাণ্ডুত সেনা মোতায়েন কৰা হৈছে৷ বিক্ষোভকাৰীয়ে প্রধানমন্ত্রীৰ পদত্যাগ দাবী কৰিছে৷ প্রতিবাদ শাম কটাবলৈ ইতিমধ্যে গৃহমন্ত্রী ৰমেশ লেখকে পদত্যাগ কৰিছে৷ বিক্ষোভৰ সময়ত ২১জনে প্রাণ হেৰুওৱাৰ দায়িত্ব লৈ গৃহমন্ত্রীগৰাকীয়ে পদত্যাগ কৰা বুলি ঘোষণা কৰিছে৷
মন কৰিবলগীয়া যে প্রধানমন্ত্রী কে পি শর্মা অলি চৰকাৰৰ দুর্নীতিকে ধৰি বহু অভিযোগক লৈ ক্ষুণ্ণ হৈ থকাৰ পাছত চৰকাৰখনে ফেচবুককে ধৰি সামাজিক মাধ্যম নিষিদ্ধকৰণক লৈ লোৱা সিদ্ধান্তই দেশখনৰ তৰুণ প্রজন্মক ক্ষোভিত কৰি তোলে৷ পৰিণতিত কে পি অলি শর্মা চৰকাৰৰ বিৰুদ্ধে বিক্ষোভত নামি পৰে তৰুণ প্রজন্ম৷ ৰাজধানী কাঠমাণ্ডুৰ পৰা এই প্রতিবাদ সম্প্রসাৰিত হৈ বীৰগঞ্জ, ভৈৰহাৱা, বুটওৱাল, ইটাহাৰি আৰু ডামকেটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত প্রশাসনে সান্ধ্য আইন জাৰি কৰিছে৷ পৰীক্ষা স্থগিত ৰখা হৈছে৷
ৰাজনৈতিক দলৰ কার্যালয়সমূহত অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে৷ নেপালৰ উত্তপ্ত পৰিস্থিতিক লৈ ৰাষ্ট্রসংঘই উদ্বিগ্ণতা প্রকাশ কৰি সর্বদলীয় বৈঠক পাতি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ শেহতীয়া তথ্য মতে প্রধানমন্ত্রীৰ বাসভৱনতো আক্রমণ চলাইছে প্রতিবাদকাৰীয়ে৷ প্রতিবাদকাৰীয়ে সমৱেত হৈ বিক্ষোভ প্রদর্শনেৰে প্রধানমন্ত্রীৰ বাসভৱনলৈ শিলগুটি নিক্ষেপ কৰিছে৷ পৰিস্থিতি অধিক জটিল হোৱাৰ পূর্বেই অঞ্চলটোত সেনা মোতায়েন কৰা হৈছে৷
Niyomiya Barta desk, 9 September