নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত প্রথমবাৰলৈ প্রদর্শিত হ’ব ফিফা বিশ্বকাপৰ ট্রফী

ডিজিটেল ডেস্ক, ৮ জানুৱাৰী : অসমৰ ক্রীড়াৰ ইতিহাসত আন এটা স্বর্ণিল অধ্যায়ৰ সূচনা কৰি ১৩ জানুৱাৰীত প্রদর্শন হ’ব ফিফা বিশ্বকাপৰ সোণালী ট্রফী৷ বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত ১৩ জানুৱাৰীত প্রদর্শন হ’ব সপোনৰ ট্রফীটো৷ এই কথা ঘোষণা কৰিছে ক্রীড়া আৰু যুৱ কল্যাণ মন্ত্রী নন্দিতা গার্লোছাই৷

দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন সংবাদ মেলযোগে এই কথা সদৰী কৰে মন্ত্রীগৰাকীয়ে৷ মন্ত্রীগৰাকীয়ে সদৰী কৰা অনুসৰি, ১৩ জানুৱাৰীত পুৱা ১০ বজাত ফিফাৰ চার্টাৰযোগে গুৱাহাটী বিমানবন্দৰলৈ অনা হ’ব ফিফাৰ সোণালী ট্রফীটো৷ বিমানবন্দৰৰ পৰা ফিফাৰ দলসহ সোণালী ট্রফীটো আদৰি আনিব ৰাজ্যৰ ফুটবলাৰ, ক্রীড়া সংগঠক তথা সংগীত–সাংস্কৃতিক দলে৷ সোণালী ট্রফীটোক অসমৰ পৰম্পৰাগত সাংস্কৃতিক গীত–মাত আৰু নৃত্য–গীতেৰে আদৰি অনা হ’ব৷ এই কার্যসূচীত ভাৰতৰ বিভিন্ন সাংস্কৃতিক কার্যসূচীও প্রদর্শন হ’ব৷ ৫খন বাহনত অহা খেলুৱৈ তথা এথলীটে ট্রফীটো আদৰি আনিব৷ উক্ত অনুষ্ঠানত নর্থ–ইষ্ট ইউনাইটেড এফচিৰ খেলুৱৈসকল, সুব্রত কাপ বিজয়ী দলৰ খেলুৱৈসকল থাকিব৷

বিয়লি ৩ বজাত বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত ট্রফীটো প্রদর্শনৰ বাবে মুকলি কৰা হ’ব৷ ট্রফী মুকলি কৰা অনুষ্ঠানত আয়োজকসকলে বিভিন্ন ধৰণৰ সাংস্কৃতিক কার্যসূচী প্রদর্শন কৰিব৷ অৰুণাচলৰ প্রখ্যাত গায়িকা ঋতু ৰিবা, গায়ক শংকুৰাজ আৰু অনুভ জৈনে সাংস্কৃতিক কার্যসূচীত অংশগ্রহণ কৰিব৷ নিশা ৮.৩০ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ট্রফীটো প্রদর্শনৰ কার্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই উক্ত কার্যসূচীৰ লগতে ফিফাৰ বিষয়াবর্গৰ সৈতেও বার্তালাপত মিলিত হ’ব৷

উল্লেখ্য যে ফিফা বিশ্বকাপৰ সোণালী ট্রফী প্রদর্শনৰ কার্যসূচীত অংশগ্রহণ কৰিবলৈ আহিব ব্রাজিলৰ প্রখ্যাত ফুটবলাৰ গিলবার্টো ছিলভা৷ ইতিমধ্যে ট্রফী প্রদর্শনৰ কার্যসূচীৰ বাবে বর্ষাপাৰাৰ ক্রিকেট ষ্টেডিয়ামত সকলো প্রস্তুতি সম্পূর্ণ হৈছে৷ আয়োজকসকলে কোক ষ্টুডিঅ’ ভাৰত কনচার্টৰ বাবে ৫,০০০ টিকটৰ দিহা কৰিছে৷ আনহাতে, ১০,০০০ টিকট সর্বসাধাৰণ লোকৰ বাবে নির্ধাৰণ কৰা হৈছে৷ এই সকলো টিকট বিনামূলীয়া হ’ব৷ অসম ফুটবলৰ জিলা সন্থাসমূহ তথা ৰাজ্যিক সন্থাসমূহৰ সকলো কার্যকর্তা, বিষয়ববীয়াসকলকো অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ আহ্বান জনায় মন্ত্রী গার্লোছাই৷

স্মর্তব্য যে ১২ বছৰৰ মূৰত ফিফা বিশ্বকাপৰ ট্রফী ভাৰতলৈ আনিছে আৰু অসমত ট্রফীটো প্রথমবাৰৰ বাবে প্রদর্শন কৰা হ’ব৷ মন্ত্রী গার্লোছাই ফিফা বিশ্বকাপৰ ট্রফী অসমত প্রদর্শনৰ জৰিয়তে সমগ্র অঞ্চলটোত ফুটবল খেলৰ এটা নতুন পৰিৱেশ তৈয়াৰ হ’ব বুলি আশা প্রকাশ কৰে৷

You might also like