আজি ২৪ জানুৱাৰী, মাঘ মাহৰ ১০ তাৰিখ
শনিবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : উত্তৰভাদ্রপদ, যাত্রা : নাই
মেষ : নানান প্রতিকূল পৰিস্থিতিৰ মাজেৰে দিনটো পাৰ হ’ব৷ কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ স্বাস্থ্যত নানান অসুবিধা থাকিব৷ নিকটজনৰ লগত সম্পর্কৰ বিচ্ছেদ ঘটিব পাৰে৷
বৃষ : দৈনন্দিন কর্মত সাফল্য আহিব৷ নিকটজনৰ লগত সম্পর্ক ভালেই থাকিব৷ বহুবিধ অনুকূল পৰিস্থিতিৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ প্রাপ্তি খোজ পৰিলক্ষিত হয়৷ আর্থিক পৰিস্থিতি অলপ উন্নত হ’ব৷
মিথুন : পৰিৱেশ অনুকূলত থকাৰ ফলত এই ৰাশিৰ জাতক-জাতিকাৰ সন্মান লাভ হ’ব৷ জীৱনত আনন্দ আৰু সম্প্রীতি বজাই থাকিব৷
কর্কট : বিৰূপ পৰিস্থিতিৰ চাপত আজি এই ৰাশিৰ জাতক-জাতিকাই অর্থনৈতিক সংকটত পৰাৰ আশংকা আছে৷ স্বাস্থ্যৰ অৱনতিৰ ফলত চিকিৎসকৰ পৰামর্শ ল’ব লগা হ’ব পাৰে৷ সাংসাৰিক জীৱনত মতভেদ৷
সিংহ : কর্মক্ষেত্রত সন্মান প্রাপ্তিৰ যোগ৷ শৰীৰ–স্বাস্থ্য বিশেষ ভালেৰে নাযাব৷ সাংসাৰিক জীৱনত আনন্দ আৰু সম্পর্কৰ উন্নতি ঘটিব৷ নিকটজনৰ লগত অন্তৰংগতা বৃদ্ধি পাব৷ ব্যৱসায়–বাণিজ্যত লাভৰ যোগ৷
কন্যা : অনুকূল পৰিস্থিতিৰ কাৰণে এই ৰাশিৰ জাতক–জাতিকাৰ বিভিন্ন দিশত সাফল্য লাভৰ খোজ দেখা যায়৷ শৰীৰ–স্বাস্থ্য মোটামুটি ভালেই যাব৷
তুলা : এই ৰাশিৰ জাতক–জাতিকাসকলৰ দিনটো শুভ ফলদায়ক হ’ব৷ ব্যৱসায়–বাণিজ্যৰ মাধ্যমত আর্থিক উন্নতিৰ খোজ৷ সন্তানৰ কর্মপ্রাপ্তিৰ ফলত পিতৃ–মাতৃৰ মন আনন্দিত হ’ব৷
বৃশ্চিক : এই ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো মধ্যম ফলদায়ক হ’ব৷ পৰিপাক সংক্রান্তীয় কাৰণে শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ নিকটজনৰ লগত সম্প্রীতি বজাই চলাৰ চেষ্টা কৰিব৷
ধনু : দৈনন্দিন কর্মত সাফল্য আহিব৷ এই ৰাশিৰ জাতক-জাতিকাৰ সন্তানৰ সুখ দেখা যায়৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত দিনটো অত্যন্ত শুভ৷
মকৰ : প্রতিকূল পৰিৱেশৰ কাৰণে এই ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অশান্তিপূর্ণ হ’ব৷ শৰীৰ–স্বাস্থ্য বৰ ভালেৰে নাযাব৷ কামৰ বাবে কৰা চেষ্টাত বাধা৷
কুম্ভ : কর্মক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ সাংসাৰিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ দিনটোত যোগাযোগৰ ক্ষেত্রত সাফল্য আহিব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত মধ্যম ফল৷
মীন : কর্মক্ষেত্রত সাফল্য আহিব৷ দিনটোত অনাৱশ্যক কাৰণত অর্থ আৰু মানহানিৰ যোগ৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফল৷