নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বজালীৰ ২৫খন সত্ৰ-নামঘৰক অসম দৰ্শন আঁ‌চনিৰ চেক প্ৰদান

নিয়মীয়া বাৰ্তা, পাঠশালা, ২ ডিচেম্বৰ : ‘সাধাৰণতে ছাত্ৰ-ছাত্ৰীসকলে গোটেই বছৰ পঢ়া-শুনা কৰে যদিও পৰীক্ষাৰ আগমুহূৰ্তত আৰু ভালকৈ পঢ়ে৷ ঠিক তেনেদৰে আমি আমাৰ সাংগঠনিক ভেটি শক্তিশালী কৰি ৰাখিবলৈ সদায় চেষ্টা কৰি আহিছোঁ যদিও এতিয়া যিহেতু নিৰ্বাচন আহিছে আৰু অধিক তৎপৰতাৰে ৰাইজৰ মাজত সোমাই গৈছোঁ৷ যাৰ ফলত আজিৰ পৰা এমাহ পিছত নিৰ্বাচন হ’লেও আমি বিজেপি মিত্ৰজোঁটে ৯০খন আসন লাভ কৰিম। সময় মতে নিৰ্বাচন হ’লেও আমাৰ চৰকাৰ যে হ’ব তাত কোনো সন্দেহ নাই।’- আজি অসম দৰ্শন আঁচনিৰ চেক বিতৰণ কৰি এই মন্তব্য কৰে অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে।

আজি বজালী জিলা আয়ুক্তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত চেক বিতৰণৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ অন্তত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দাসে কয় যে এতিয়া অসমৰ সকলো কেঁচা ঘৰ পকী হ’বলৈ গৈ আছে৷ যাৰ পৰিপ্ৰেক্ষিতত এটাও কেঁচা ঘৰ নাথাকিব আমাৰ ৰাজ্যত৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে আৰু দহ লাখ নতুন ঘৰৰ অনুমোদন শীঘ্ৰেই দিব। ইয়াৰ বাবে হিতাধিকাৰী নিৰ্বাচনৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব। হিতাধিকাৰী নিৰ্বাচনত যাতে বিভাগৰ কৰ্মচাৰীয়ে জালিয়াতিৰ আশ্ৰয় ল’ব নোৱাৰে তাৰ বাবেও কঠোৰ দৃষ্টি ৰখা হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ অনুষ্ঠানত বজালী জিলাৰ মুঠ ২৫খন সত্ৰ তথা নামঘৰক ‘অসম দৰ্শন’ আঁ‌চনিৰ চেক প্ৰদান কৰা কাৰ্যসূচীত বজালী জিলাৰ উন্নয়ন আয়ুক্ত ডাঃ আচৰাফুল আমিনকে আদি কৰি বিষয়াসকল উপস্থিত থাকে।

You might also like