নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইপাৰ উদ্যোগত ঢকুৱাখনাত চুকাফা দিৱস পালন

বিশেষ বাৰ্তা, ঢকুৱাখনা, ২ ডিচেম্বৰ : টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ লখিমপুৰ জিলা সমিতি আৰু ঢকুৱাখনা সমজিলা সমিতিৰ উদ্যোগত কালিৰে পৰা ঢকুৱাখনা মিনি ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা চুকাফা দিৱসৰ আজি মুকলি সভাৰে সামৰণি পৰে। বৰ অসমৰ ভেটি গঢ়োঁতা, অসমত সমন্বয়ৰ বীজ সিচোঁতা স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা এই দিৱসৰ আজি পুৱা আহোমসকলৰ সাংস্কৃতিক বৈচিত্ৰ্য দাঙি ধৰি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় ঢকুৱাখনা নগৰৰ মাজেৰে।

টাই আহোম মহিলা পৰিষদৰ সহযোগত আয়োজিত চুকাফা দিৱসৰ আজি দ্বিতীয় দিনা পুৱা মৈদাম তৰ্পণৰ পিছতে শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা উদ্বোধন কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ড০ গিৰীণ গগৈয়ে। ইয়াৰ পিছতে মুকলি সভা অনুষ্ঠিত হয় উদযাপন সমিতিৰ সভাপতি ৰমেন গগৈৰ সঞ্চালনাত। লাই-লুং-খাম নৃত্যৰে উদ্বোধন কৰা এই মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাই বৰ অসমৰ খনিকৰ চুকাফাৰ বিষয়ে তথ্যসমৃদ্ধ বক্তব্য আগবঢ়ায়। মুকলি সভাতেই অপৰাজিতা বুঢ়াগোহাঁইৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “মুঙ্-দুন্-ছুন-খাম্”ৰ প্ৰস্তাৱনা সংখ্যাটি উন্মোচন কৰে বিশিষ্ট লেখিকা, কবি মৌচুমী গগৈ হাতীবৰুৱাই।

ইফালে, এই সভাত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিগন্ত তামুলীকে ধৰি কেন্দ্ৰীয় সমিতিৰ বহুকেইগৰাকী বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

You might also like