ডিজিটেল ডেস্ক, ৯ মে’ : সীমাৰ সিপাৰৰ পৰা হোৱা অনুপ্রৱেশ ভাৰতৰ সার্বভৌমত্ব–অখণ্ডতাৰ প্রতি এক বিৰাট ভাবুকি হৈ পৰিছে৷ বর্তমানেও সুযোগ বুজি অসমসহ সীমান্ত সংলগ্ণ ৰাজ্যসমূহেৰে অব্যাহত আছে বাংলাদেশীৰ অনুপ্রৱেশ৷ বিভিন্ন সময়ত অনুপ্রৱেশকাৰী সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ হাতত ধৰা পৰাটোৱে এই কথাকে প্রতীয়মান কৰে৷
আইন উলংঘাৰে ভাৰতত অনুপ্রৱেশ কৰি এইসকল অবৈধ নাগৰিক লিপ্ত হয় বিভিন্ন অপৰাধমূলক কার্যত৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল–দেশত ধৃত অপৰাধীৰ গৰিষ্ঠসংখ্যকেই হৈছে বাংলাদেশী৷ নেচনেল ক্রাইম ৰেকর্ড ব্যুৰ’ (এনচিআৰবি)–এ শেহতীয়াকৈ প্রকাশ কৰা ২০২৪ বর্ষৰ প্রতিবেদনত এই বিস্ফোৰক তথ্য সন্নিৱিষ্ট হৈছে৷
প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি, ২০২৪ চনত ভাৰতত কিবা নহয় কিবা অপৰাধৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল ৩,০৯১জন বাংলাদেশীক৷ এইসকলৰ বিৰুদ্ধে ৰুজু হোৱা মুঠ গোচৰৰ ভিতৰত ৫৪.২ শতাংশ হাৰে ১,৬৭৬টাই হ’ল বিদেশী নাগৰিক আইন আৰু বিদেশী নাগৰিক নথিভুক্তকৰণ আইনৰ অধীনত৷ তদুপৰি আন ৪১.৫ শতাংশ চুবুৰীয়া ৰাষ্ট্রখনৰ নাগৰিকৰ বিৰুদ্ধে ৰুজু হৈছে পাছপ’ৰ্ট আইন উলংঘা কৰা অভিযোগত৷
ভাৰতত বিদেশীৰ দ্বাৰা সংঘটিত অপৰাধৰ শীর্ষত আছে পশ্চিমবংগ৷ এনচিআৰবিৰ তথ্য অনুসৰি, ২০২৪ চনত পশ্চিমবংগত বিদেশী অপৰাধীৰ বিৰুদ্ধে পঞ্জীভুক্ত হৈছিল ৯৯২টা গোচৰ৷ কেন্দ্রীয়শাসিত অঞ্চলসমূহৰ ভিতৰত এইক্ষেত্রত শীর্ষত আছে ৰাজধানী দিল্লী৷ তাত ২০২৪ চনত বিদেশী নাগৰিকৰ বিৰুদ্ধে মুঠ ৬৪টা গোচৰ ৰুজু হয়৷ সেইদৰে উক্ত বর্ষটোত দেশত গ্রেপ্তাৰ কৰা বিদেশী নাগৰিকৰ সংখ্যা সামগ্রিকভাৱে আছিল ৪,৭৯৪জন৷ ইয়াৰ ভিতৰত ৯৪৪গৰাকী মহিলা আৰু ১১জন তৃতীয় লিংগৰ৷ বিদেশী নাগৰিক আইন আৰু বিদেশী নাগৰিক নথিভুক্তকৰণ আইনৰ অধীনতেই অধিকাংশক গ্রেপ্তাৰ কৰা হয়৷ লগতে কিছুসংখ্যক পাছপ’ৰ্ট আইন আৰু এনডিপিএছ আইন উলংঘাৰ অভিযোগতো আৰক্ষীৰ জালত পৰিছে৷
ভাৰতীয় দণ্ডবিধি আৰু ভাৰতীয় ন্যায় সংহিতাৰ অধীনত বিদেশী নাগৰিকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা এনেধৰণৰ– জালিয়াতি ১২৭টা, চুৰি ১১২টা, প্রতাৰণা ৭৮টা আৰু হত্যা ৪৫টা৷ ভাৰতত বাংলাদেশীৰ উপৰি অপৰাধ সংঘটিত কৰাৰ অভিযোগত নাইজেৰিয়া, নেপাল আৰু ম্যানমাৰৰ নাগৰিককো গ্রেপ্তাৰ কৰা হৈছে৷ ২০২৪ চনত ৫০৯জন নাইজেৰিয়ান, ৪৭৬জন নেপালী আৰু ২৪৫জন ম্যানমাৰিয়ান আৰক্ষীৰ জালত পৰে৷