নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ শুভ ৰং নীলা৷ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউ চাকি এগছ জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷
বৃষ ঃ শুভ ৰং হালধীয়া, সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ– তুলসীগছৰ গুৰিত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷
মিথুন ঃ শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷
কর্কট ঃ শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷
সিংহ ঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷
কন্যা ঃ শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷
তুলা ঃ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ প্রতিকাৰ– পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷
বৃশ্চিক ঃ শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ সন্তানৰ ভুলৰ কাৰণে অর্থ হানি হ’ব পাৰে৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷
ধনু ঃ শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব৷
মকৰ ঃ শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷
কুম্ভ ঃ শুভ ৰং নীলা, সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱলিংগত অর্পণ কৰিব৷
মীন ঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like