নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰৰ উপ–মুখ্যমন্ত্রী তেজস্বী যাদৱক জেৰা চিবিআইৰ

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চ: সংস্থাপনৰ কাৰণে ভূমি কেলেংকাৰি গোচৰত বিহাৰৰ উপ–মুখ্যমন্ত্রী তেজস্বী যাদৱক আজি নতুন দিল্লীস্থিত চিবিআইৰ কার্যালয়ত জেৰা কৰা হয়৷ চিবিআয়ে জাৰি কৰা চমন অনুসৰি আজি বিহাৰৰ উপ–মুখ্যমন্ত্রীগৰাক্ দিনত নতুন দিল্লীস্থিত চিবিআইৰ কার্যালয়ত হাজিৰ হয়৷ চিবিআইৰ কার্যালয়ত হাজিৰ হোৱা তেজস্বীক কেইবাঘণ্টা ধৰি উক্ত কেলেংকাৰি সন্দর্ভত সোধা–পোছা কৰে৷ উল্লেখ্য যে চিবিআয়ে যোৱা ১৬ মার্চত তেজস্বী যাদৱক কার্যালয়ত হাজিৰ হ’বলৈ চমন দিছিল যদিও দিল্লী উচ্চ ন্যায়ালয়ত চিবিআয়ে আৰজেডিৰ নেতা তথা বিহাৰৰ উপ–মুখ্যমন্ত্রী তেজস্বী যাদৱক চলিত মাহত গ্রেপ্তাৰ নকৰোঁ বুলি প্রতিশ্রুতি দিয়াৰ পাছতে আজি চিবিআইৰ কার্যালয়ত হাজিৰ হয়৷ ন্যায়াধীশ দীনেশ কুমাৰ শর্মাৰ সন্মুখত চিবিআই অধিবক্তাই তেজস্বী যাদৱক গ্রেপ্তাৰ নকৰোঁ বুলি আশ্বাস দিছিল৷

You might also like