নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছত AGP-UPPL ৰ প্ৰতিক্ৰিয়া

 

  • ৰাহুল গান্ধীয়ে দেশবাসীৰ ওচৰত ক্ষমা খোজক: মন্ত্ৰী অতুল বৰা
  • ৰাহুল গান্ধী অপৰিপক্ক নেতা: প্ৰমোদ বড়ো

 

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: “ৰাহুল গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলে চুৰাট আদালতৰ নিৰ্দেশক অপমান কৰা বক্তব্যক তীব্ৰ গৰিহণা দিছো। ৰাহুল গান্ধীয়ে বাৰে বাৰে ভাৰতৰ গণতান্ত্ৰিক মূল্যবোধক আঘাত দি অপমানজনক বক্তব্য আগবঢ়াই আহিছে।”- আজি ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ।

বিশ্বৰ অন্যতম প্ৰশংসিত নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গালি-গালাজৰ উপৰিও ৰাহুল গান্ধীয়ে ইচ্ছাকৃতভাৱে অ’বিচি সমাজকো অপমান কৰিছিল। তেওঁ জাতিৰ ওচৰত ক্ষমা খুজিব লাগে বুলিও মন্ত্ৰী অতুল বৰাই সমালোচনা কৰে।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়েও সাংবাদ মাধ্যমৰ আগত কয় যে ভাৰতক তিনিজনকৈ প্ৰধানমন্ত্ৰী দিয়া পৰিয়ালৰ পৰা অহা ৰাহুল গান্ধীৰ দৰে ৰাজনীতিবিদে যেতিয়া অ’বিচি সম্প্ৰদায়ৰ বাবে অসংসদীয় ভাষা ব্যৱহাৰ কৰে; আমি বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নাগৰিক হিচাপে লাজ অনুভৱ কৰিছো।

সংসদীয় আসন গ্ৰহণ কৰাৰ সময়ত তেওঁৰ অ’বিচি সম্প্ৰদায় বা আন কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো ধৰণৰ অপমানজনক মন্তব্য ব্যৱহাৰ কৰাৰ অধিকাৰ নাই বুলিও সমালোচনা কৰে নেতা গৰাকীয়ে।

 

You might also like