নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ ফেব্রুৱাৰীৰ পৰা পুৰণিগুদামৰ মহামৃত্যুঞ্জয় মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ ভেৰভেৰি নৰসিংহ ক্ষেত্রত নির্মাণৰ কাম সম্পূর্ণ হোৱা বিশ্বৰ সর্ববৃহৎ ১২৬ ফুট উচ্চতাৰ মহা মৃত্যুঞ্জই মন্দিৰত অহা ২৭ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব প্রাণ প্রতিষ্ঠা সমাৰোহ৷ বিশেষকৈ আচার্য ভৃগুগিৰি মহাৰাজৰ প্রচেষ্টাত ২০০৩ চনৰ পৰা আৰম্ভ হৈছিল মন্দিৰ নির্মাণৰ কাম৷ সেই বর্ষত ভৃগুগিৰি মহাৰাজে তেওঁৰ তপস্যা কৰি এই স্থান নির্বাচন কৰিছিল৷ বিশেষকৈ দৈত্যগুৰু শুক্রাচার্যই মন্দিৰ নির্মাণ হোৱাৰ স্থানত বছৰ পূর্বে যজ্ঞ কৰিছিল৷ সেই শিৱলিংগ মন্দিৰ নির্মাণ হোৱা স্থানৰ তলতে আছে৷ এই শিৱলিংগৰ কিছু অংশ মন্দিৰ নির্মাণৰ সময়ত শ্রমিকে কৰা পাইলিঙত ক্ষুদ্র অংশ ওপৰলৈ উঠি আহিছিল৷ যাৰ বাবে মন্দিৰ নির্মাণ কৰাৰ সময়ত পৌৰাণিক শিৱলিংগৰ অৱস্থিতিৰ বিষয়ে জানিব পৰা গৈছিল৷ সেই পৌৰাণিক শিৱলিংগৰ লগত বর্তমান মন্দিৰত স্থাপন হ’ব লগা শিৱলিংগ মন্ত্রৰ জৰিয়তে একত্রিত কৰি সম্পূর্ণ বৈদিক নিয়মেৰে মন্দিৰটো প্রতিষ্ঠা কৰা হ’ব বুলি আজি এখন সংবাদমেল যোগে অৱগত কৰে সুদূৰ কেৰালাৰ পৰা আহি মন্দিৰ প্রতিষ্ঠাৰ বাবে ভেৰভেৰি নৰসিংহ ক্ষেত্রত উপস্থিত হোৱা ভাৰতৰ বিশিষ্ট বৈদিক তামিল পণ্ডিত বিষ্ণু প্রসাদে৷

২৫০গৰাকী তামিল পণ্ডিত লগত লৈ মন্দিৰ প্রতিষ্ঠাৰ বাবে নৰসিংহ ক্ষেত্রত উপস্থিত হোৱা বিশিষ্ট পণ্ডিতগৰাকীয়ে সাংবাদিকক কয় যে এই শিৱলিংগ আকৃতিৰ বৃহৎ মৃত্যুঞ্জই মন্দিৰ ভাৰত বর্ষতে নহয়, সমগ্র বিশ্বতে নাই৷ সংবাদ মেলত উদ্যাপন সমিতিৰ প্রধান সম্পাদক জিতু গোস্বামীয়ে কয় যে মহান তাপস আচার্য ভৃগুগিৰি মহাৰাজে যি সপোন দেখিছিল সেই সপোন আজি বাস্তৱত ৰূপ দিব পাৰি আমি আনন্দিত হৈছেছা৷ মহান তাপস আচার্য ভৃগুগিৰি মহাৰাজে ২০০৩ চনতে এনে এটা মন্দিৰৰ সপোন দেখিছিল৷ সেই সপোন আজি বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্রত যিসকল লোকে সহায়–সহযোগিতা আগবঢ়াইছে তেওঁলোক ধন্যবাদৰ পাত্র বুলি উল্লেখ কৰি মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহত সকলো ৰাইজৰ উপস্থিতি কামনা কৰে৷ এই বৃহৎ মন্দিৰ দর্শন কৰিবৰ বাবে অহা ২৫ ফেব্রুৱাৰীত দেশৰ গৃহমন্ত্রী অমৃত শ্বাহ আহিব৷ গৃহমন্ত্রীৰ আগমনক লৈ মন্দিৰ কর্তৃপক্ষ উৎফুল্ল বুলি উল্লেখ কৰি উদ্যাপন সমিতিৰ সভাপতি তথা মন্ত্রী হিমন্ত বিশ্ব শর্মাৰ আমন্ত্রণ ৰক্ষা কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকে ধৰি বহু বিশিষ্ট লোকৰ আগমন হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷ উল্লেখ যে মন্দিৰৰ কাষতে ১০৮ কুণ্ডৰ যজ্ঞ সম্পূর্ণ কৰাৰ বাবে বিশাল মণ্ডপ নির্মাণ কৰা হৈছে৷ এই মণ্ডপত ১০৮টা যজ্ঞ কুণ্ড সাজু কৰাৰ লগতে সেই কুণ্ডত যজমান পুৰোহিত বহি সুকলমে যজ্ঞ কৰিব পৰাৰ সকলো সু–ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ ইফালে মন্দিৰ প্রাংগণত সন্ধ্যা আহি উপস্থিত হয়হি মন্দিৰৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ সভাপতি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱক লগত লৈ মন্দিৰ পৰিদর্শন কৰাৰ লগতে অহা ২৫ ফেব্রুৱাৰীৰ পুৱা ১০ বজাত মন্দিৰ প্রাংগণত উপস্থিত হ’ব লগা দেশৰ গৃহমন্ত্রী অমৃত শ্বাহৰ আগমনক লৈ প্রশাসনৰ বিষয়ববীয়া আৰু পৰিচালনা সমিতিৰ লগত আলোচনাত মিলিত হয়৷

You might also like