নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ধন দাবী ইনামূলৰ

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নাৰী নির্যাতনৰ ঘটনা৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীত ভণ্ড প্রেমিকৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ পানীখাইতিৰ এগৰাকী ছাত্রীয়ে আত্মহত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পোহৰলৈ আহিছে অনুৰূপ আন এক ঘটনা৷

গুৱাহাটীৰ এখন মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী যুৱতীৰে এটা লম্পটে প্রেমৰ সম্পর্ক স্থাপন কৰে৷ লাহে লাহে দুয়োৰে মাজত প্রেমৰ সম্পর্ক গাঢ় হৈ উঠাত ভণ্ড প্রেমিকে বিয়াৰ প্রলোভনেৰে যুৱতীগৰাকীৰে শাৰীৰিক সম্পর্ক স্থাপন কৰে৷ দুয়োৰে অন্তৰংগ মুহূর্তৰ ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে ভণ্ড প্রেমিক হাজোৰ পছৰিয়াৰ মতলিব আলীৰ পুত্র ইনামূল হকে ধন দাবী কৰে৷ সমগ্র ঘটনা সন্দর্ভত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে চলিত বর্ষৰ জানুৱাৰী মাহৰ শেষৰ ফালে সাতগাঁও থানাত এজাহাৰ দাখিল কৰে৷ কিন্তু সাতগাঁও আৰক্ষীয়ে সমগ্র বিষয়টো ৰহস্যজনকভাৱে গাপ দি ৰাখে৷

যোৱা ৩১ জানুৱাৰীত যুৱতীগৰাকীৰ এটা ভিডিঅ’ ফেচবুকত আপলোড কৰে৷ সাতগাঁও আৰক্ষীৰ নিষ্ক্রিয়তাৰ বাবেই যুৱতীগৰাকীৰ ভিডিঅ’ ভাইৰেল কৰিবলৈ সুবিধা পালে বুলি ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃয়ে আৰক্ষী আয়ুক্তক যোৱা ২ ফেব্রুৱাৰীত এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা অনুসৰি ২০১৯ বর্ষৰ ২৮ ডিচেম্বৰত এয়াৰ প’টৰ ওচৰৰ এখন হোটেলত ইনামূলে যুৱতীগৰাকীক প্রাণনাশৰ ভাবুকি দি শাৰীৰিক সম্পর্ক স্থাপন কৰিবলৈ বাধ্য কৰায় বুলি উল্লেখ আছে৷ এই সমগ্র ঘটনাটো লগত জড়িত ইনামূলৰ বিৰুদ্ধে আৰক্ষী আয়ুক্তই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like