নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিত পৌৰ নিগমৰ পার্কিঙৰ দুৰৱস্থা

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটী পৌৰ নিগমৰ সৌন্দর্যবর্ধন আঁচনি প্রহসনত পৰিণত হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ ৰাজধানী চহৰখন আটকধুনীয়াকৈ সজাই–পৰাই তোলাৰ বাবে গুৱাহাটী পৌৰ নিগম আৰু গুৱাহাটী উন্নয়ন কর্তৃপক্ষই ৰাজকোষৰ ধন ব্যয় কৰি বহু আঁচনি গ্রহণ কৰিছে যদিও চোৱা–চিতাৰ অভাৱত একাংশ সৌন্দর্যবর্ধন আঁচনি জহি–খহি গৈছে৷ বিভাগীয় কর্তৃপক্ষৰ চূড়ান্ত হেমাহিৰ বাবে সৌন্দর্যবর্ধন আঁচনি প্রহসনত পৰিণত হোৱাৰ সমান্তৰালকৈ ৰাজপথত মুকলিভাৱে পেলাই থোৱা ভগ্ণ সামগ্রীয়ে মহানগৰীৰ পৰিৱেশ বিনষ্ট কৰিছে৷ বিশেষকৈ গণেশগুৰি উৰণীয়া সেতুৰ তলত থকা পৌৰ নিগমৰ জৰাজীর্ণ পার্কিঙে মহানগৰীৰ সৌন্দর্যবর্ধনত ভেঙুচালিৰ সৃষ্টি কৰিছে৷

ক’ৰোনা মহামাৰীৰ বাবেই বিগত প্রায় এবছৰ ধৰি বন্ধ হৈ থকা পৌৰ নিগমৰ পার্কিং এলেকা একপ্রকাৰ ডাষ্টবিনত পৰিণত হৈছে৷ জিএমচি পার্কিং এলেকাৰ যান–বাহন ৰখোৱাৰ পৰিৱর্তে বহু অনাৱশ্যকীয় সামগ্রী ৰখাই থোৱাৰ লগতে ভগ্ণ লোৰ বেৰ আৰু অন্যান্য সামগ্রীৰে পৰিৱেশ বিনষ্ট কৰিছে৷ পৌৰ নিগমৰ বিষয়া–কর্মচাৰীৰ চকুৰ সন্মুখতেই লাখ লাখ টকা ব্যয় কৰি নির্মাণ কৰা লোৰ বেৰ আৰু পার্কিঙৰ অন্যান্য সামগ্রী জহি–খহি গৈছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ ফলত একাংশ অসাধু লোকে জিএমচি পার্কিং এলেকাত পেলনীয়া আৱর্জনা আৰু প্লাষ্টিকৰ বটল পেলাই পৌৰ নিগমৰ পার্কিং এলেকাক একপ্রকাৰ ডাষ্টবিনত পৰিণত কৰিছে৷ ইপিনে, আন একাংশই নিশাৰ ভাগত জিএমচি পার্কিং এলেকাত প্রৱেশ কৰি সুৰা সেৱন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

ইপিনে, গণেশগুৰিৰ উৰণীয়া সেতুৰ তলৰ জিএমচি পার্কিং দীর্ঘদিন ধৰি বন্ধ থকাৰ বাবে বহু লোকে পথৰ দাঁতিত যান–বাহন ৰখোৱা পৰিলক্ষিত হৈছে৷ জিএমচি পার্কিঙৰ দুয়োকাষে পথৰ দাঁতিত ঘণ্টাৰ পাছত ঘণ্টা ধৰি যান–বাহন ৰখাই থোৱাৰ বাবে অঞ্চলটোত সঘনাই ব্যাপক যান–জঁটৰ সৃষ্টি হোৱা বুলি স্থানীয় ব্যৱসায়ীসকলে অভিযোগ কৰে৷ অৱশ্যে গণেশগুৰি উৰণীয়া সেতু পুনৰ নির্মাণৰ কার্য চলি থকাৰ সময়ছোৱাত নির্মাণৰ সামগ্রীসমূহ পার্কিং এলেকাত ৰখোৱাৰ বাবেই পৌৰ নিগমৰ পার্কিং দীর্ঘদিন ধৰি বন্ধ থকা বুলিও জানিব পৰা গৈছে৷ কিন্তু লোকনির্মাণ বিভাগে নির্মাণ কৰা নতুন উৰণীয়া সেতু মুকলি কৰা তিনি মাহৰ পিছতো পার্কিং এলেকা এতিয়াও জিএমচি কর্তৃপক্ষই চাফ–চিকুণ কৰা পৰিলক্ষিত হোৱা নাই৷ গণেশগুৰি উৰণীয়া সেতুৰ তলৰ পার্কিঙৰ জৰাজীর্ণ অৱস্থাই পৰিৱেশ বিনষ্ট কৰি তোলাৰ সমান্তৰালকৈ সৌন্দর্যবর্ধনত ব্যাঘাত জন্মাইছে৷ এইক্ষেত্রত জিএমচি কর্তৃপক্ষই কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like