নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভঙাগড়ত ছুৰিকাঘাত কৰি যুৱকক হত্যা

সন্ধিয়াতে গুৱাহাটীত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ ৰাজধানী মহানগৰ গুৱাহাটীত এটাৰ পাছত এটাকৈ সংঘটিত হ’ব ধৰিছে অপৰাধমূলক কার্যকলাপ৷ বুধবাৰে সন্ধিয়াৰ ভাগত মহানগৰীৰ সদাব্যস্ত ভঙাগড় এলেকাত সংঘটিত হ’ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ নেমকেয়াৰ হাস্পতালৰ সমীপত দুর্বৃত্তই ছুৰিকাঘাত কৰি নৃশংসভাৱে হত্যা কৰে এজন যুৱকক৷ ডিঙিত উপর্যুপৰি ছুৰিকাঘাত কৰাৰ ফলত প্রচুৰ ৰক্তক্ষৰণ হৈ মৃত্যু হোৱা যুৱকজনৰ নাম বিশাল ৰয়৷

ঘটনা সন্দর্ভত পৰিয়ালৰ সূত্রই জানিবলৈ দিয়া অনুসৰি পেছাত কুকুৰা মাংসৰ ব্যৱসায়ী বিশাল ৰয় বুধবাৰে বিয়লি প্রায় চাৰি বজাৰ পৰাই সন্ধানহীন হৈ আছিল৷ বিশাল ৰয়ক পৰিয়াল তথা আত্মীয়ই বহু বিচাৰ–খোঁচাৰ কৰে যদিও সন্ধান উলিয়াবলৈ সক্ষম নহ’ল৷ ইয়াৰ মাজতে সন্ধিয়া প্রায় ৭.৩০ বজাত ডিঙিত আঘাতপ্রাপ্ত বিশাল ৰয়ক নলাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয়৷ তাৎক্ষণিকভাৱে তেওঁক সমীপৰ নেমকেয়াৰ হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷

সন্ধিয়াৰ ভাগত সংঘটিত এই হত্যাকাণ্ডক লৈ মহানগৰ আৰক্ষীৰ ভিতৰচ’ৰাতো জোকাৰণিৰ সৃষ্টি হৈছে৷ শীর্ষস্থানীয় আৰক্ষী বিষয়াই ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷ কিন্তু বাতৰি লিখা পৰলৈকে হত্যাকাণ্ডত জড়িতৰ কোনো শুংসূত্র উলিয়াব পৰা নাই৷ অৱশ্যে সন্দেহবশতঃ চাৰিজনক আটক কৰি মহানগৰ আৰক্ষীয়ে সোধা–পোছা অব্যাহত ৰাখিছে৷ ইফালে মৃত বিশাল ৰয়ৰ পৰিয়ালে ঘটনা সন্দর্ভত স্থানীয় ভঙাগড় আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে৷

You might also like