নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভিজিলেঞ্চৰ হাতত ৩০০ প্রার্থীৰ তালিকা

এপিডিচিএলত ধনৰ বিনিময়ত চাকৰিৰ বজাৰ

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ বিভিন্ন পদত নিযুক্তিৰ নামত সংঘটিত কেলেংকাৰিয়ে লৈছে নতুন মোৰ৷ এই গোচৰৰ তদন্তৰ দিন আগুৱাই যোৱাৰ লগে লগে পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ তিনি শতাধিক প্রার্থীয়ে ধনৰ বিনিময়ত এ পি ডি চি এলত নিযুক্তিৰ বাবে চেষ্টা চলাইছিল বুলি প্রকাশ কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে৷ ইতিমধ্যে নিযুক্তিৰ বাবে দালালক উৎকোচ দিয়া ৩০০ প্রার্থীৰ তালিকা প্রস্তুত কৰিছে মুখ্যমন্ত্রীৰ তদাৰকী কোষে৷ প্রাথমিক পর্যায়ত মুঠ ১২৪জন প্রার্থীলৈ চমন জাৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে৷

ইপিনে, দালালক নিযুক্তিৰ বাবে উৎকোচ প্রদান কৰা ১৫জন প্রার্থীক সোমবাৰে জেৰা কৰে মুখ্যমন্ত্রীৰ তদাৰকী কোষে৷ পৰৱর্তী সময়ত পর্যায়ক্রমে আন প্রার্থীসকলকো জেৰা কৰিব বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে গ্রেপ্তাৰ হোৱা দীপাংকৰ দিহিঙীয়া নামৰ ব্যক্তিজনৰ সৈতে এই প্রার্থীসকলে যোগাযোগ কৰিছিল বুলি জানিব পৰা গৈছে৷ প্রার্থীসকলৰ বিৰুদ্ধে উৎকোচ প্রদানৰ তথ্য–প্রমাণ লাভ কৰাৰ লগে লগে তেওঁলোকক গ্রেপ্তাৰ কৰাৰো সম্ভাৱনা আছে৷ অর্থাৎ শীঘ্রে এ পি ডি চি এলত উৎকোচৰ বিনিময়ত নিযুক্তিৰ বাবে চেষ্টা চলোৱা তিনি শতাধিক প্রার্থী জালত পৰিব পাৰে মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ৷

উল্লেখ্য যে মিটাৰ ৰীডাৰ, বিল ক্লার্ক, কার্যালয় সহায়ককে ধৰি সাত শতাধিক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছিল শক্তি বিভাগে৷ পৰৱর্তী সময়ত এই বিভিন্ন পদৰ বাবে লিখিত পৰীক্ষাও অনুষ্ঠিত হৈছিল৷ কিন্তু বিভিন্ন কাৰণত এই পৰীক্ষাসমূহৰ ফলাফল ঘোষণা কৰা হোৱা নাছিল৷ শেহতীয়াকৈ কিছু অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰাত এই নিযুক্তিৰ ক্ষেত্রত হোৱা ব্যাপক অনিয়মৰ তথ্য পোহৰলৈ আহে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীৰ তদাৰকী কোষে পৰীক্ষা অনুষ্ঠিত কৰা গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বিজুলী ভৱন আদিত তালাচী চলায়৷ যাৰ ভিত্তিত কেতবোৰ গুৰুত্বপূর্ণ বিসংগতি পৰিলক্ষিত কৰে তদন্তকাৰী সংস্থাটোৱে৷ ইতিমধ্যে এ পি ডি চি এলৰ এই পদসমূহৰ নিযুক্তিৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ৰাজ্য চৰকাৰে ঘোষণা কৰিছে৷ ইয়াৰ মাজতে উৎকোচৰ বিনিময়ত নিযুক্তিৰ বাবে চেষ্টা কৰা প্রার্থীসকল আৰক্ষীৰ জালত পৰিলে এই সমগ্র কেলেংকাৰিৰ অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ এক কথাত ক’বলৈ গ’লে এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰিৰ তদন্তত কেঁচু খান্দোতে ওলাইছে সাপ৷

লক্ষণীয় যে এ পি ডি চি এল আৰু নেইকমৰ শীর্ষ বিষয়াৰ সৈতে ধনৰ লেনদেনৰ জৰিয়তে চাকৰি ল’ব বিচাৰিছিল এইসকল প্রার্থীয়ে৷ ইতিমধ্যে এ পি ডি চি এলৰ কেইবাজনো শীর্ষ বিষয়াক জেৰা কৰিছে মুখ্যমন্ত্রীৰ তদাৰকী কোষে৷ কালি এ পি ডি চি এলৰ শীর্ষ বিষয়া সঞ্জয় ভৌমিক আৰু ডেইজিম হাজৰিকাক জেৰা কৰা হৈছিল৷ যোৱা দুটা দিনত দুয়োজনকে পৃথকে পৃথকে জেৰা চলাইছিল মুখ্যমন্ত্রীৰ তদাৰকী কোষে৷ পৰৱর্তী সময়ত ভৌমিক আৰু হাজৰিকাক একেলগে বহুৱাই মুখামুখিকৈ জেৰা চলোৱাৰো সম্ভাৱনা আছে৷ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ে সমগ্র ঘটনাৰ নিজাববীয়া তদন্ত কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে৷ এ পি ডি চি এল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত চলা এক নেক্সাছৰ জৰিয়তে এই সমগ্র কেলেংকাৰি সংঘটিত হোৱা সন্দর্ভত অজ্ঞতা প্রকাশ কৰি বিশ্ববিদ্যালয়খনৰ উপাচার্যই তদন্ত কৰাৰ কথা ঘোষণা কৰিছিল৷ আনহাতে, শ্রেণীসমূহৰ সচিব–ধ্যাপক দিলীপ বৰাৰ পৰাও এইক্ষেত্রত বিশ্ববিদ্যালয় কর্তৃপক্ষই স্পষ্টীকৰণ বিচাৰিছে বুলি তেওঁ প্রকাশ কৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এই কেলেংকাৰিৰ তদন্তৰ বাবে বিশেষ তদাৰকী কোষে বশিষ্ঠ, জালুকবাৰী আৰু দিছপুৰত তালাচী অভিযান চলাইছিল৷ এ পি ডি চি এলৰ বিশেষ কর্তব্যৰত বিষয়া দীপাংকৰ দিহিঙীয়াৰ বাসগৃহত চলোৱা অভিযানত বহুতো গুৰুত্বপূর্ণ নথি–পত্র জব্দ কৰিবলৈ সক্ষম হৈছিল৷ ২০০৬ চনৰ পৰা দিহিঙীয়াই বিশেষ কর্তব্যৰত বিষয়া হিচাপে বিভাগটোত কাম কৰি আহিছে৷ তেওঁৰ নেতৃত্বতে এ পি ডি চি এলৰ নিযুক্তি কেলেংকাৰি সংঘটিত হোৱা বুলিও অভিযোগ উত্থাপন হৈছে৷ দিহিঙীয়াকে ধৰি এই গোচৰত ১০জন লোকক ইতিমধ্যে গ্রেপ্তাৰ কৰা হৈছে৷ ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪২০/৪৬৮/৪৭ আৰু দুর্নীতি প্রতিৰোধ আইনৰ ৭/১৩(বি) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰি মুখ্যমন্ত্রীৰ তদাৰকী কোষে তদন্ত অব্যাহত ৰাখিছে৷ ২০১৯ চনৰ ১৭ ফেব্রুৱাৰী আৰু ১৮ এপ্রিলত অনুষ্ঠিত বিভিন্ন পদৰ পৰীক্ষাসমূহৰ উত্তৰবহীসমূহ পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক প্রদান কৰা হৈছিল৷ প্রায় ১.৮ লাখ অ’ এম আৰ চিত গুৱাহাটী বিশ্ববিদ্যালয়ক প্রদান কৰা হৈছিল৷ মুখ্যমন্ত্রীৰ তদাৰকী কোষে প্রকাশ কৰা অনুসৰি এজন প্রার্থীক উত্তীর্ণ কৰাই দিয়াৰ বিনিময়ত প্রায় তিনি লাখ টকা উৎকোচ লোৱাৰ বাবে একাংশ বিষয়াই ষড়যন্ত্র কৰিছিল৷ পৰৱর্তী সময়ত এই গোচৰৰ অধিক তথ্য পোহৰলৈ আহিলে ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ আঁৰত থকা মুখাও খোল খাই পৰিব৷

You might also like