নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশত ন্যাস গঠনেৰে কৰফাঁকি ভাৰতৰ ৬০জন প্রখ্যাত ব্যক্তি–কোম্পানীৰ নাম

পেণ্ডোৰা পেপার্ছ ফাদিল দেশজুৰি তীব্র আলোড়ন

নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ পানামা পেপার্ছ আৰু পেৰাডাইজ পেপাৰৰ পাছত এইবাৰ চর্চাত পেণ্ডোৰা পেপার্ছ৷ ইণ্টাৰনেচনেল কনচৰটিয়াম অৱ ইনভেষ্টিগেটিভ জার্নেলিষ্ট, চমুকৈ আই চি আই জেয়ে ফাদিল কৰা পেণ্ডোৰা পেপার্ছত বিশ্বৰ ৯১ দেশৰ ৰাজনীতিক, উদ্যোগপতি, চেলিব্রিটী, খেলুৱৈ আদিৰ বিদেশত গোপনে লুকাই ৰখা বিত্তীয় তথ্য পোহৰলৈ অহাৰ লগে লগে চাঞ্চল্য সৃষ্টি হৈছে৷ পেণ্ডোৰা পেপার্ছত ভাৰতৰ কেইবাগৰাকীও উদ্যোগপতিৰ লগতে ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰকে ধৰি বলীউডৰ অভিনেতা জেকি শ্রফৰ নাম সাঙোৰ খাই পৰিছে৷ বিদেশত গোপনে ধন বিনিয়োগ কৰাৰ লগতে সেই ধনৰ কৰফাঁকিৰ তালিকাত শচীন তেণ্ডুলকাৰৰ নাম সাঙোৰ খাই পৰাটো ব্যাপক চর্চাৰ বিষয় হৈ পৰিছে৷ ক্রিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ উপৰি নিজকে দেউলীয়া বুলি ঘোষণা কৰা ৰিলায়েন্স এ ডি এ গ্রুপৰ অধ্যক্ষ অনিল আম্বানিৰ নাম এই পেপার্ছত সাঙোৰ খাইছে৷

আই চি আই জেয়ে প্রকাশ কৰা অনুসৰি অনিল আম্বানিৰ কোম্পানীটোৰ বিদেশত ১৮টা কোম্পানী আছে৷ এই কোম্পানীকেইটাই ছাইপ্রাছ, জার্ছি আৰু ব্রিটিছ ভার্জিন আইলেণ্ডত ১৩০০.৫ নিযুত মার্কিন ডলাৰ লেনদেন কৰিছে৷ এই ১৮টা কোম্পানীৰ ভিতৰত সাতটা কোম্পানী ২০০৭ চনৰ পৰা ২০১০ চনৰ ভিতৰত স্থাপন কৰা৷ এই কোম্পানীকেইটাত ১.৩ বিলিয়ন মার্কিন ডলাৰ বিনিয়োগ কৰিছে৷ ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ নাম পেণ্ডৰা পেপার্ছত উল্লেখ কৰা হৈছে যদিও তেওঁৰ বিদেশত স্থাপন কৰা কোম্পানী কিম্বা ন্যাস সন্দর্ভত বিশেষ তথ্য প্রকাশ হোৱা নাই৷ বিদেশত ন্যাস গঠন কৰি ক্রিকেটাৰগৰাকীয়ে কৰফাঁকি দিয়াৰ অভিযোগ উত্থাপন হৈছে৷ ব্রিটিছ ভার্জিন আইলেণ্ডত তেণ্ডুলকাৰে ২০১৬ চনৰ পৰা ধন বিনিয়োগ কৰাৰ তথ্য সন্নিৱিষ্ট কৰা হৈছে৷

পেপার্ছত সন্নিৱিষ্ট হৈছে পলাতক হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভগ্ণী পূৰবী মোদীৰ নাম৷ ২০১৮ চনৰ জানুৱাৰীত নীৰৱ মোদীয়ে ভাৰতৰ পৰা পলায়ন কৰাৰ পাছত ব্রিটিছ ভার্জিন আইলেণ্ডত ট্রিডেণ্ট ট্রাষ্ট কোম্পানীৰ জৰিয়তে ভগ্ণী পূৰবী মোদীৰ নামত ধন বিনিয়োগ কৰিছে৷ এনেদৰে বলীউডৰ অভিনেতা জেকি শ্রফৰ নামো পেণ্ডোৰা পেপার্ছত লিপিবব্ধ হৈ আছে৷ ইয়াৰ উপৰি বায়’কনৰ কার্যবাহী অধ্যক্ষ কিৰণ মজুমদাৰ শ্ব’ৰ স্বামী জন মেকালাম মার্শ্বাল, কর্প’ৰেট লবিষ্ট নিৰা ৰাডিয়া আৰু ককছ এণ্ড কিংছৰ অজিত কেৰকাৰ৷ ভাৰতৰ ৬০জনতকৈ অধিক উদ্যোগপতি–চেলিব্রিটী ন্যাস আৰু কোম্পানী গঠন কৰি বিদেশত ধন বিনিয়োগ কৰিছে৷ এই পেপার্ছত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিন, জর্ডানৰ ৰজা আব্দুল্লা দ্বিতীয়কে ধৰি কেইবাগৰাকীও বিশ্বৰ দেশৰ মুৰব্বীৰ নাম সন্নিৱিষ্ট হৈ আছে৷ ভাৰত, ৰাছিয়া, আমেৰিকা যুক্তৰাষ্ট্র আৰু মেক্সিকোকে ধৰি ৯১খন দেশৰ ১৩০ বিলিয়নাৰ এই পেপার্ছত সাঙোৰ খাই পৰিছে৷ আই চি আই জেয়ে ফাদিল কৰা পেণ্ডোৰা পেপার্ছৰ ১২ নিযুত তথ্য আছে৷ ২৯০০০ বিদেশী কোম্পানী আৰু ন্যাসৰ স্বত্বাধিকাৰীৰ নাম আছে৷ আই চি আই জেয়ে বিশ্বৰ ১৫০ মিডিয়া গোষ্ঠীৰ অনুসন্ধানৰ অন্তত ১১.৯ নিযুত গোপন ফাইল সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে পেণ্ডোৰা পেপার্ছত কৰফাঁকি দিব পৰা দেশ চামোৱা, বেলিজ, পানামা আৰু ব্রিটিছ ভার্জিন আইলেণ্ড, ছিংগাপুৰ অথবা নিউজিলেণ্ডত বিশ্বৰ বিভিন্ন দেশৰ উদ্যোগপতি, চেলিব্রিটী আদিয়ে কোম্পানী স্থাপন কৰি ধন বিনিয়োগ কৰি আহিছে৷ লক্ষণীয় যে এই দেশকেইখনত কৰ সম্পর্কীয় বিশেষ লেঠা নাথাকে বাবেই বিদেশী পুঁজিপতি, চেলিব্রিটীয়ে ধন বিনিয়োগ কৰি ন্যাসৰ লগতে কোম্পানী গঠন কৰাৰ সুযোগ গ্রহণ কৰে৷ এনে দেশৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্রৰ দক্ষিণ ডাকোটা চহৰখনো সন্নিৱিষ্ট হৈ আছে৷ মন কৰিবলগীয়া যে এই দেশকেইখনত অবৈধ ধনৰ লেনদেন সন্ত্রাসবাদৰ পুঁজি আৰু কৰফাঁকিৰ জৰিয়তে বিভিন্ন কোম্পানীয়ে লেনদেন চলাই আহিছে৷ পেণ্ডোৰা পেপার্ছৰ এনে তথ্য পোহৰলৈ অহাৰ পাছতে বিশ্বৰ কেইবাগৰাকীও শীর্ষ নেতা চর্চাৰ মাজলৈ আহিছে৷ শেহতীয়া তথ্য মতে পেণ্ডোৰা পেপার্ছক লৈ চলা বিতর্কৰ তদন্ত ঘোষণা কৰিছে কেন্দ্রীয় চৰকাৰে৷

You might also like