নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসাৰ ন’বেল দুই আমেৰিকানলৈ

ডেভিদ জুলিয়াছ আর্ডেম পাটাপ’টিয়ান

নিয়মীয়া বাৰ্তা ৫ অক্টোবৰঃ চিকিৎসা খণ্ডলৈ যুগান্তকাৰী উদ্ভাৱনৰ বাবে ২০২১ বর্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ দুই বিজ্ঞানীলৈ৷ তাপ আৰু স্পর্শৰ কাৰণে ৰাসায়নিক গাঁথনি (ৰিছিপ্ঢর্ছ) আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুই চিকিৎসা বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আর্ডেম পাটাপ’টিয়ানলৈ ২০২১ বর্ষৰ চিকিৎসাৰ ন’বেল বঁটা আগবঢ়োৱা বুলি সোমবাৰে ন’বেল কমিটীৰ সচিবপ্রধান থমাছ পার্লমানে ঘোষণা কৰে৷

ন’বেল কমিটীৰ সচিবপ্রধান পার্লমানে কয়– এই বছৰৰ ন’বেল পুৰস্কাৰ যুগান্তকাৰী আৱিষ্কাৰৰ বাবে আমেৰিকাৰ দুই বিজ্ঞানীলৈ আগবঢ়োৱা হৈছে৷ তাপ, ঠাণ্ডা আৰু যান্ত্রিক শক্তিয়ে কিভাৱে স্নায়ু আৱেগৰ সূচনা কৰে আৰু এই অনুভৱ আমাৰ বিশ্বত কিদৰে উপলব্ধি কৰিব পাৰে বা বিশ্বই মানি লয়, তাৰ যুগান্তকাৰী আৱিষ্কাৰক বিজ্ঞানী ডেভিদ জুলিয়াছ আৰু আর্ডেম পাটাপ’টিয়ানলৈ বঁটাটো আগবঢ়োৱা হৈছে৷

আমাৰ দৈনন্দিন জীৱনত এই অনুভূতিক স্বাভাৱিকভাৱেই গ্রহণ কৰি আহিছোঁ৷ কিন্তু তাপমাত্রা আৰু স্পর্শৰ অনুধাৱন কিদৰে স্নায়ুত আৱেগৰ সৃষ্টি কৰে, তাক বিজ্ঞানীদ্বয়ে ৰাসায়নিক গাঁথনিৰ দ্বাৰা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি ন’বেল ঘোষণা কৰি কয় সচিবপ্রধানগৰাকীয়্৷ ন’বেল বঁটা বিজয়ী বিজ্ঞানী ডেভিদ জুলিয়াছ হৈছে আমেৰিকা যুক্তৰাষ্ট্রৰ ছানফ্রান্সিছকোস্থিত কেলিফ’র্নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক৷ আনপিনে, আর্ডেম পাটাপ’টিয়ান হৈছে কেলিফ’র্নিয়াৰ স্ক্রীপছ ৰিছার্চৰ অধ্যাপক৷ দুয়োগৰাকী বিজ্ঞানীলৈ ন’বেল বঁটাৰ ধন ১০ মিলিয়ন ছুইডিছ ক্র’নৰ (১.১ নিযুত মার্কিন ডলাৰ) ভগাই দিয়া হৈছে৷

You might also like