নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বার্তা’ৰ ৰূপাংকৰ ডেকাক শ্রেষ্ঠ বাতৰি সম্পাদনা সন্মান প্রদান

নৱপ্রজন্মৰ মাজত কাকত-আলোচনী পঢ়াৰ আগ্রহ কমি অহাটো জাতি-ভাষাৰ প্রতি উদ্বেগজনক : নৰেশ কলিতা

গুৱাহাটীত যুৱ সাংবাদিক সন্থাৰ প্রতিষ্ঠা দিৱস

বৈকুণ্ঠ নাথ গোস্বামীক জীৱনজোৰা সাধনা বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ফেব্ৰুৱাৰীঃ ‘তথ্য–প্রযুক্তিৰ বিকাশৰ লগে লগে সংবাদ মাধ্যমৰ ক্ষেত্রখন ব্যাপক হাৰত প্রসাৰিত হৈ পৰিছে৷ এসময়ত সংবাদ মাধ্যম মানে দূৰদর্শন, ৰেডি’, বাতৰিকাকত বুলিয়ে সকলোৱে ভাবিছিল৷ ২০০৪ চনৰ পাছত অসমত ব্যক্তিগত খণ্ডৰ বৈদ্যুতিন সংবাদ মাধ্যমে প্রসাৰ লাভ কৰে৷ বৈদ্যুতিন সংবাদ মাধ্যমে জনপ্রিয়তা লাভ কৰাৰ পাছতে ছপা মাধ্যমৰ মৃত্যুমুখী পৰিৱেশ এটা সৃষ্টি কৰা হয়৷ বাতৰিকাকত, বৈদ্যুতিন সংবাদ মাধ্যমৰ সীমাবদ্ধতা আছে৷ সাম্প্রতিক সময়ত সামাজিক মাধ্যম বা ৱেব প’র্টেলসমূহ আটাইতকৈ খৰতকীয়া সংবাদ ব্যৱস্থা হিচাপে পৰিগণিত হৈছে৷’– এই মন্তব্য ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাৰ৷ যুৱ সাংবাদিক সন্থা, অসমৰ ষষ্ঠ বার্ষিক প্রতিষ্ঠা দিৱস আৰু সম্বর্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই ভাষণ প্রসংগত লগতে কয় যে ‘নিয়মীয়া বার্তা’ কাকতে ২০১৫ চনত এটা জৰীপ চলাইছিল৷ এই জৰীপত নতুন প্রজন্মৰ মাজত বাতৰিকাকত, আলোচনী আদি পঢ়াৰ প্রতি আগ্রহ কমাৰ উদ্বেগজনক তথ্য পোহৰলৈ আহে৷ ৩০ বছৰৰ তলৰ ৭.২ শতাংশ লোকে আৰু ৫০ বছৰৰ ঊর্ধ্বৰ ৬২.২৫ শতাংশ লোকে বাতৰিকাকত–আলোচনী আদি নিয়মীয়াকৈ পঢ়ে৷ নৱপ্রজন্মৰ মাজত বাতৰিকাকত–আলোচনী আদি পঢ়াৰ প্রতি আগ্রহ কমি অহাটো অসমীয়া জাতি আৰু ভাষাটোৰ প্রতি উদ্বেগজনক৷ সেয়েহে নতুন পঢ়ুৱৈ সৃষ্টি কৰাৰ ক্ষেত্রত বাতৰিকাকত, আলোচনী আৰু সাংবাদিক সন্থাসমূহে গুৰুত্ব প্রদান কৰিব লাগিব৷ অনুষ্ঠানত জীৱনজোৰা সাধনা বঁটা গ্রহণ কৰি দিয়া ভাষণত প্রবীণ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামীয়ে অতীত আৰু বর্তমানৰ সংবাদসেৱা আৰু সাংবাদিকৰ তুলনামূলক ব্যাখ্যা দাঙি ধৰে৷ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যুৱ সাংবাদিক সন্থাই প্রবীণ সাংবাদিক বৈকুণ্ঠনাথ গোস্বামীক জীৱনজোৰা সাধনা বঁটা, আমাৰ অসম কাকতৰ কার্যবাহী সম্পাদক গৌতম শর্মাক সংবাদ শিৰোমণি সন্মান, ‘নিয়মীয়া বার্তা’ কাকতৰ জ্যেষ্ঠ সাংবাদিক ৰূপাংকৰ ডেকাক শ্রেষ্ঠ বাতৰি সম্পাদনা সন্মান, জ্যেষ্ঠ সাংবাদিক ধ্রুৱজ্যোতি পাঠকক শ্রেষ্ঠ প্রিণ্ট মিডিয়া সন্মান, নিউজ লাইভৰ ভিডি’ সাংবাদিক স্বপ্ণশ্রী গোস্বামীক শ্রেষ্ঠ ভিডি’ সাংবাদিকতা সন্মান, জ্যেষ্ঠ সাংবাদিক মৃদুস্মিতা ভূঞাক শ্রেষ্ঠ ইলেক্ট্রনিক মিডিয়া সন্মান, বাতৰি পৰিৱেশক জুবি শইকীয়াক শ্রেষ্ঠ বাতৰি পৰিৱেশিকা সন্মান প্রদান কৰা হয়৷ বঁটা প্রাপকসকলক ফুলাম গামোচা, স্মাৰক, জাপি আৰু মানপত্র প্রদান কৰা হয়৷ যুৱ সাংবাদিক সন্থাৰ মুখ্য উপদেষ্টা বুবুল হাজৰিকাই আঁত ধৰা এই অনুষ্ঠানত ‘নিয়মীয়া বার্তা’ কাকতৰ সাংবাদিক নৱজিৎ তালুকদাৰ, দিগন্ত বৈৰাগী, সাংবাদিক বনজিৎ ঠাকুৰীয়া, অনুপমা ডেকা, পার্থপ্রতিম বৰা আৰু ফটো সাংবাদিক মহেশ চৌধুৰীক সন্থাই ফুলাম গামোচাৰে বিশেষভাৱে সম্বর্ধনা জনায়৷ ইয়াৰ পূর্বে পুৱা সন্থাৰ সভাপতি চন্দন দাসে প্রতিষ্ঠা দিৱসৰ পতাকা উত্তোলন আৰু শ্বহীদ তর্পণ কৰে সম্পাদক কাঞ্চনজ্যোতি গোহাঁয়ে৷

You might also like