নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ অক্টোবৰলৈ পিছুৱাই দিলে প্রাথমিক টেট

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ নিম্ন আৰু উচ্চ প্রাথমিক পর্যায়ৰ টেট পৰীক্ষাৰ দিন অহা ৩১ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে৷ পূর্বে এই টেট ২৪ অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ আজি এক নির্দেশনাযোগে এই কথা প্রকাশ কৰিছে প্রাথমিক আৰু মাধ্যমিক শিক্ষা বিভাগৰ বিশেষ আয়ুক্তই৷ যোৱা ১৪ ছেপ্ঢেম্বৰত এই টেটৰ বাবে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ ইতিমধ্যে টেটৰ বাবে ৰাজ্যৰ লক্ষাধিক প্রার্থীয়ে আবেদন দাখিল কৰিছে৷

ইপিনে, আন এক নির্দেশনাযোগে ৰাজ্য চৰকাৰে প্রাণীবিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শিক্ষকৰ বাবে বায়’টেকন’লজী বিষয়ক স্নাতকোত্তৰ ডিগ্রী লাভ কৰা শিক্ষার্থীসকলক আবেদন কৰাৰ অনুমতি প্রদান কৰিছে৷ কালি এক নির্দেশনাযোগে শিক্ষা বিভাগে এই নির্দেশনা জাৰি কৰিছে৷ অৱশ্যে এইক্ষেত্রত এক বিশেষ চর্ত আৰোপ কৰা হৈছে৷ সেই অনুসৰি বায়’টেকন’লজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিলেও শিক্ষার্থীসকলে প্রাণীবিজ্ঞান বিষয়ত মেজৰসহ স্নাতক ডিগ্রীধাৰী হ’ব লাগিব৷ পূর্বে বায়’টেকন’লজী স্নাতকোত্তৰ শিক্ষার্থীসকলক এই পদসমূহৰ বাবে আবেদনৰ অনুমতি প্রদান কৰা হোৱা নাছিল৷ বঞ্চিত একাংশ শিক্ষার্থীয়ে ইয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰো দ্বাৰস্থ হৈছিল৷

You might also like