নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাষ্টমী

ক’ভিড বিধিৰ মাজেৰে দুর্গতিনাশিনীক বন্দনা

নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ক’ভিড মহামাৰীৰ বিভীষিকাই জীৱনশৈলীলৈ অনা পৰিৱর্তনৰ মাজেৰেই ৰাজ্যত আৰম্ভ হৈছে শাৰদীয় দুর্গোৎসৱৰ আনন্দ–উল্লাস৷ পূর্বৰ দৰে শাৰদীয় দুর্গোৎসৱৰ ব্যস্ততা ৰাজ্যত বিৰাজ কৰা নাই যদিও ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি হোৱাৰ পৰিপ্রেক্ষিতত চৰকাৰী নীতি–নির্দেশনা মানি আয়োজন কৰা পূজাস্থলীলৈ ওলাই আহিছে ভক্ত৷ ষষ্ঠীৰ বেদীত প্রতিষ্ঠা কৰা দুর্গতিনাশিনীক পূজা–অর্চনাৰে সন্তুষ্ট কৰিবলৈ দৌল, দেৱালয় তথা পূজাস্থলীত ভক্তৰ ভিৰ আজি পৰিলক্ষিত হৈছে৷ সপ্তমীৰ যথাবিহিত পূজা ধর্মীয় ৰীতি–নীতিৰে সম্পন্ন কৰা হয়৷ কাইলৈ মহাষ্টমী৷ দিবাঘঃ ৯৷১৫৷১০ পূর্ব্বাহ্ণ সময়ৰ ভিতৰত মহাষ্টমী, কেৱল মহাষ্টমীবিহিত পূজা প্রশস্তা৷ বীৰাষ্টমী আৰু মহাষ্টমীৰ উপবাস৷ আনহাতে ৰাঘ ১০৷ ৩৬৷ ২১ সময়ৰ পৰা ৰাঘ ১১৷২৪৷২১ সময়ৰ ভিতৰত দেৱীৰ অর্ধৰাত্রবিহিত পূজা কৰা হ’ব৷ দং ৪৪৷ ২০৷ ২২ ৰাঘ ১১৷৮৷৫৭ যোৱাত সন্ধি পূজাৰম্ভ হ’ব৷ একে সময়তে দং ৪৫৷২০৷২২ ৰাঘ ১১৷ ৩২৷ ৫৭ যোৱাত হ’ব বলিদান৷ সন্ধিপূজা সমাপন হ’ব দং ৪৬৷২০৷২২ ৰাঘ ১১৷ ৫৬৷৫৭ যোৱাত৷ আজি মহাষ্টমী পূজাৰ বাবে সম্পন্ন কৰা হৈছে প্রস্তুতি৷

কামাখ্যা দেৱালয়, উগ্রতাৰা দেৱালয়, বিল্বেশ্বৰ দেৱালয়কে ধৰি ঐতিহ্যমণ্ডিত পীঠস্থানসমূহত বলি–বিধানেৰে মহিষমর্দিনীলৈ আগবঢ়োৱা হ’ব পূজা৷ প্রাপ্ত তথ্য অনুসৰি কামাখ্যা দেৱালয়ত সংশ্লিষ্ট দেৱালয় কর্তৃপক্ষৰ তৰফৰ পৰা দিয়া হ’ব এটা ম’হ বলি৷ অৱশ্যে ৰাজহুৱাভাৱেও ভক্তই কামাখ্যাত ম’হ বলি দিব পাৰিব৷ উগ্রতাৰা দেৱালয়ত নৱমীৰ দিনা দেৱালয় কর্তৃপক্ষই ম’হ বুলি দিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যত ক’ভিড আক্রান্তৰ হাৰ ১ শতাংশৰ তললৈ নামি অহাৰ পৰিপ্রেক্ষিতত ৰাজ্যত দুর্গা পূজা অনুষ্ঠিত কৰিবলৈ চৰকাৰে অনুমতি প্রদান কৰিছে৷ অৱশ্যে বৃহৎ মণ্ডপ নির্মাণৰ পৰা বিৰত থাকিবলৈ চৰকাৰে পূজা কমিটীসমূহক নির্দেশ প্রদান কৰিছে৷ চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে মহানগৰীত চাৰি শতাধিক পূজাৰ আয়োজন কৰা হৈছে৷ বিগত বর্ষসমূহৰ দৰে মহানগৰীৰ পূজাসমূহত নাই বৃহৎ মণ্ডপ অথবা জাকজমকীয়া আলোকসজ্জা৷ পুৰোহিতৰ মন্ত্রোচ্চাৰণ, ঢ়াক–ঢ়োলৰ শব্দ আৰু আয়তীৰ উৰুলিৰ মাজেৰে ধর্মীয় পৰম্পৰা ৰক্ষা কৰি পূজা কমিটীসমূহে মা দুর্গাৰ শ্রীচৰণত আগবঢ়াইছে পূজা–অর্চনা৷ ক’ভিড মহামাৰীৰ পূর্বে দুর্গা পূজাৰ সময়ত মহানগৰী আৰু ৰাজ্যৰ উল্লেখযোগ্য পূজাসমূহত দেখা দিয়া ব্যাপক ভিৰ এইবাৰ পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ মহানগৰীত সাজি–কাচি সপ্তমীৰ দিনাৰ পৰাই পূজাস্থলীসমূহত ভক্তই ভিৰ কৰা দেখা যায়৷ এইবাৰ পূজাস্থলীসমূহত ভক্তৰ সমাগম হৈছে যদিও পূর্বৰ দৰে ভিৰ আৰু উছাহ পৰিলক্ষিত হোৱা নাই৷

আনহাতে শৰৎ মানেই সুন্দৰ প্রাকৃতিক পৰিৱেশৰ মাজেৰে নাতিশীতোষ্ণ বতৰে বিৰাজ কৰা দেখা যায়৷ কিন্তু এইবাৰ দুর্গোৎসৱৰ সময়ত হ্রাস পোৱা পৰিলক্ষিত হোৱা নাই তাপমাত্রা৷ প্রচণ্ড ৰ’দ আৰু গৰমে শৰৎ কালতো ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্রা৷ চৰকাৰৰ নীতি–নির্দেশনা অনুসৰি দুর্গা পূজাস্থলীসমূহত আয়োজন কৰা হোৱা নাই কোনোধৰণৰ সাংস্কৃতিক কার্যসূচী৷ ইতিমধ্যে ৰাজ্য চৰকাৰে সান্ধ্য আইন বলৱৎ হোৱাৰ পূর্বেই পূজা চাই ঘৰলৈ উভতিবলৈ ভক্তসকলক আহ্বান জনাইছে৷ আনহাতে অহা ১৪ অক্টোবৰত দিবা ঘ ৯৷১৫৷৭ সময়ৰ ভিতৰত পূর্বাহ্ণ আৰু কালবেলানুৰোধে দিবাঘ ৬৷৫০৷১৫ সময়ৰ ভিতৰত পুনঃ দিবাঘ ৮৷১৪৷১০ সময় যোৱাত কেৱল মহানৱমী কল্পাৰম্ভ আৰু নৱমীবিহিত পূজা প্রশস্তা হ’ব৷ নৱমীৰ দিনাও ৰাজ্যৰ প্রান্তে প্রান্তে বলি বিধান আৰু যথাবিহিত পূজাৰে মা দুর্গাক আৰাধনা কৰা হ’ব৷ ১৫ অক্টোবৰত দুর্গাক বিসর্জন দিব ভক্তই৷ এইবাৰ হাতীত উঠি ইন্দ্রলোকলৈ গমন কৰিব দুর্গতিনাশিনীয়ে৷ লোক–বিশ্বাস অনুসৰি হাতীত উঠি দুর্গাৰ গমন হ’লে শস্যৰে বসুন্ধৰা নদন–বদন হৈ পৰে৷
অসমবাসীলৈ মুখ্যমন্ত্রীৰ শুভেচ্ছাঃ ক’ভিডৰ নীতি–নির্দেশনা মানি সুৰক্ষিত দুর্গোৎসৱ উদযাপনৰ আহ্বান
শাৰদীয় দুর্গোৎসৱ উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ সকলো শ্রেণীৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ এক শুভেচ্ছাবাণীত মুখ্যমন্ত্রী ড০ শর্মাই শাৰদীয় দুর্গোৎসৱে আমাৰ মাজত বর্তি থকা শান্তি–সম্প্রীতি–প্রেম তথা ভাতৃত্ববোধৰ এনাজৰী অধিক সুদৃঢ় কৰাৰ দিশত সকলোকে ঐক্যবদ্ধভাৱে কাম কৰাৰ বাবে অনুপ্রাণিত কৰিব বুলি আশা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিডৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে জাৰি কৰা নীতি–নির্দেশনা অনুসৰি কৰি শৃংখলাবদ্ধভাৱে শাৰদীয় দুর্গোৎসৱ উদযাপনৰ বাবে ৰাজ্যবাসীক আহ্বান জনায়৷ এই প্রসংগতে তেওঁ কয় যে ক’ভিডৰ সংক্রমণ কিছু স্তিমিত হৈছে যদিও ইয়াৰ বিভীষিকা সম্পূর্ণৰূপে আঁতৰি যোৱা নাই৷ এতিয়াও ক’ভিড ভেকচিনৰ দুয়োটা পালি গ্রহণ নকৰাসকলক ভেকচিন গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷

You might also like