নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০–২০ মে’ৰ ভিতৰত পুনৰ ৪০ হাজাৰৰ নিযুক্তিঃ– সদনত বিত্তমন্ত্রী নেওগ

  • এক লাখ নিযুক্তি ঃ এতিয়ালৈ সম্পন্ন ৩৮,৯৮৭টা পদত নিযুক্তি

নিয়মীয়া বাৰ্তা, ১৫ মার্চ: ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে সুখবৰ৷ অহা ১০ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত বিভিন্ন বিভাগত নতুনকৈ নিযুক্তি লাভ কৰিব ৪০ হাজাৰ যুৱক–যুৱতীয়ে৷  সদনত এই তথ্য প্রকাশ কৰিছে বিত্তমন্ত্রী অজন্তা নেওগে৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ সময়ত বিজেপি দলৰ তৰফৰ পৰা সেইসময়ৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি দল ক্ষমতালৈ আহিলেই এক লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ পৰৱর্তী পর্যায়ত বিজেপি দল ক্ষমতালৈ অহাৰ পাছতেই সেই নির্বাচনী প্রতিশ্রুতি পূৰণৰ বাবে পদক্ষেপ গ্রহণ কৰে৷

এই সম্পর্কত সদনৰ প্রশ্ণোত্তৰকালত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰত বিত্তমন্ত্রী নেওগে কয় যে এক লাখ নিবনুৱাৰ নিযুক্তি সম্পন্ন কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ৷ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে এক লাখ নিবনুৱা নিযুক্তিৰ প্রক্রিয়া অব্যাহত ৰাখিছে আৰু অতি সোনকালেই সেয়া সম্পূর্ণ হ’ব৷ সদনত বিত্তমন্ত্রী নেওগে কয় যে উক্ত প্রতিশ্রুতি ৰক্ষা কৰি এতিয়ালৈকে ৩৮,৯৮৭টা পদত নিযুক্তি দিয়া হৈছে৷ ইয়াৰ ভিতৰত নিয়মীয়া পদত ৩৫,১৮০টা আৰু চুক্তিভিত্তিক পদত ৩,৮০৭টা নিযুক্তি দিয়া হৈছে৷ অহা ১০ মে’ৰ পৰা ২০ মে’ৰ ভিতৰত আৰু ৪০ হাজাৰ পদত নিযুক্তি দিয়া হ’ব৷ ক’ভিড মহামাৰীৰ বাবে ছমাহ চৰকাৰে এই নিযুক্তি প্রক্রিয়াৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল৷

ইতিমধ্যে অসম আৰক্ষী, স্বাস্থ্য, শিক্ষাকে ধৰি যিবোৰ বিভাগত নিযুক্তি সম্পন্ন হৈছে, সেইবোৰ সম্পূর্ণ স্বচ্ছ আৰু নিকা পদ্ধতিৰে হৈছে৷ সদনত মন্ত্রী নেওগে কয় যে ২০২১ চনৰ মে’ মাহৰ পৰা বিভিন্ন বিভাগত ২৬ হাজাৰটা পদত বিজ্ঞাপন দি নিযুক্তি প্রক্রিয়া প্রায় সম্পন্ন কৰিছে৷ বাকী থকা পদসমূহৰ নিযুক্তি প্রক্রিয়াও অতিশীঘ্রে সম্পূর্ণ হ’ব৷

You might also like