নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰভোগত সংখ্যালঘু সন্মিলনঃ ৪,৫০০গৰাকী সংখ্যালঘু পুৰুষ-মহিলাৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ আজি সৰভোগ সমষ্টি ভিত্তিত অনুষ্ঠিত হয় ‘সংখ্যালঘু সন্মিলন’।  সংখ্যালঘু সন্মিলনত উপস্থিত থাকে বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি অঞ্চলটোৰ বহুকেইগৰাকী নেতা।

সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিৰ আধাৰত সমগ্ৰ দেশত হোৱা প্ৰগতি আৰু উন্নয়নৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় ৪ হাজাৰ ৫শগৰাকী পুৰুষ-মহিলাই বিজেপিত যোগদান কৰে ৷

 যোগদান কৰা সকলো কাৰ্যকৰ্তাক দললৈ উষ্ম আদৰণি জনাই ৰাজ্যিক সভাপতি দাসে কয় যে অনাগত দিনত সংখ্যালঘু সম্প্ৰদায়ৰ সকলো ৰাইজে ভাৰতীয় জনতা পাৰ্টীক আঁকোৱালি লৈ দলৰ স্বাৰ্থত সকলোৱে একত্ৰিত হৈ কাম কৰি যাব লাগে।

উল্লেখ্য, সভাত সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ লগতে ৰাজ্যিক বিষয়ববীয়াসকলো উপস্থিত থাকে ৷

You might also like