নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত প্ৰথমটো কোভিড ভেকচিন প্ৰদান কৰা হ’ল চিকিৎসক ডাঃ পবিত্ৰ চৰকাৰক

প্ৰথম দিনটোত ২০০ গৰাকী স্বাস্থ্যকৰ্মীক ভেকচিন প্ৰদান

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ অৱশেষত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাটো আজি দিনৰ ১০ বজাত মৰিগাঁও অসামৰিক চিকিৎসালয় আৰু ন খোলা আদর্শ চিকিৎসালয় কোভিড ভেকচিন ক’ভিচিল্ড প্ৰদানৰ শুভাৰম্ভ কৰা হয়।

মৰিগাঁও অসামৰিক চিকিৎসালয় জি এন এম প্ৰশিক্ষণ কেন্দ্ৰত স্থাপন কৰা বিশেষ শিবিৰত মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসৰ উপস্থিষ্টিত মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ পবিত্ৰ চৰকাৰক জিলাখনৰ প্ৰথমটো ভেকচিন প্ৰদান কৰা হয়। তাৰ পিছতে পৰ্যায় ক্ৰমে স্বাস্থ্যকৰ্মীসকলক ভেকচিন প্ৰদান কৰা হয়।

উল্লেখ্য যে, এই কায্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মা, এন আৰ এইছ এমৰ জিলা দি পি এম জুফিন চুলতানা, মিডিয়া এক্সপাৰ্ট নিলাক্ষী মেধী, জ্যেষ্ঠ চিকিৎসক ডাঃ অৰুণ নাথ, ডাঃ জয়ন্ত নাথ, আদি।

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাসে কয় যে কোভিড ভেকচিনৰ আগমনে সকলোলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে। সেয়ে মুক্ত ভাবে এই ভেকচিন ল’বলৈ সংশ্লিষ্ট প্ৰতিজনকে আহ্বান জনাই উপায়ুক্তগৰাকীয়ে।

You might also like