গহপুৰ সমজিলাৰ অন্তৰ্গত হাৱাজান আৰক্ষীয়ে যোৱানিশা এক অভিযান চলাই ৪৮টাকৈ চোৰাং গৰু উদ্ধাৰ কৰাৰ লগতে তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, যোৱানিশা প্ৰায় ২:৩০ বজাত এক গোপন সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি এন এল-০১ এ এইচ-৭৬৬৪ নম্বৰৰ এখন কণ্টেইনাৰ বাহনত অবৈধভাৱে গৰু সৰবৰাহ কৰি ধলপুৰৰ পৰা গহপুৰ দিশে আহি থকাৰ তথ্য লাভ কৰে হাৱাজান আৰক্ষীয়ে । উক্ত তথ্য লাভ কৰাৰ পিছত হাৱাজান আৰক্ষীয়ে নাকা চেকিঙৰ জৰিয়তে আৰম্ভ কৰে অভিযান । আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত নাকা চেকিঙৰ সময়ত উক্ত বাহনখন জব্দ কৰি তালাচী চলোৱাত গাড়ীখনৰ ভিতৰত ৪৮টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে সেই সময়ছোৱাত গাড়ীখনত থকা তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
পৰৱৰ্তী সময়ত তেওঁলোকে গৰুখিনি সৰবৰাহ কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বৈধ নথি-পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত হাৱাজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওজন ব্যক্তিক। গ্ৰেপ্তাৰ কৰা ব্যক্তি তিনিজন হ’ল আনাৰুল ইছলাম, আছ্ৰাফুল ইছলাম আৰু আফজাৰুল ৰহমান। উক্ত লোকসকলক বৰ্তমান হাৱাজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত আৰু আইনী প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।