নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বংশৰত ডাম্পাৰৰ দৌৰাত্ম্যত প্ৰতিবাদত নামিল মহিলা

কামৰূপ জিলাৰ বংশৰ-শিঙিমাৰী চাৰিলেনযুক্ত পথত চলাচল কৰা ডাম্পাৰৰ দৌৰাত্ম্যই বৃহত্তৰ অঞ্চলটোৰ গাঁওবাসীক বাৰুকৈয়ে অতিষ্ঠ কৰি তুলিছে ৷ যাৰ বাবে স্থানীয় মহিলাসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে ৷ উল্লেখ্য যে প্ৰতিদিনে বংশৰ-শিঙিমাৰী পথত প্ৰায় শতাধিক ডাম্পাৰ চলাচল কৰে ৷ ইয়াৰে সৰহসংখ্যকে মাটি কঢ়িয়ায় ৷

ৰাজ্যৰ বন বিভাগৰ নিময় অনুযায়ী মাটিভৰ্তি প্ৰতিখন ডাম্পাৰে ত্ৰিপালেৰে ডাম্পাৰৰ ওপৰভাগ ঢাকি আনিব লাগে যাতে পিছত অহা দুচকীয়া বা চাৰিচকীয়া বাহন আৰু পথচাৰীয়ে কোনো অসুবিধা নাপায় ৷ কিন্তু গুৰু গোসাঁই নমনা ডাম্পাৰৰ চালকক কোনে নাকী লগাব? চালকসকলে সকলো বিধি উলংঘা কৰি প্ৰয়োজনকৈ বেছি মাটি উঠাই আনে আৰু ত্ৰিপাল নিদিয়াকৈ আনি গোটেই পথটি ধূলিময় কৰি তোলে ৷ তীব্ৰ বেগত অহা ডাম্পাৰসমূহে কাৰো কথাতে গুৰুত্ব নিদি নিজৰ ইচ্ছা অনুযায়ী পথত ডাম্পাৰসমূহ চলাই ৰাইজক অতিষ্ঠ কৰি তুলিছে ৷ গোটেই পথটি পুৱাৰ পৰা গভীৰ নিশালৈকে ধূলিময় কৰি তুলিছে ৷ আনহাতে পথটোত চলাচল কৰা তীব্ৰবেগী ডাম্পাৰে কিমানজনৰ যে প্ৰাণ কাঢ়ি নিছে তাৰো হিচাপ নাই ৷ ধূলিময় হৈ পৰা পথটোৰে বাইক আৰোহী আৰু পথচাৰীসকলে অহা-যোৱা কৰাটো অতি কঠিন হৈ পৰিছে ৷ ইমানৰ পিছতো কামৰূপ জিলা প্ৰশাসন আৰু হাজোৰ বন বিভাগে ডাম্পাৰচালকৰ ওপৰত কোনো বিধিগত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে ৷

আজি বংশৰত ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলটোৰ মহিলা সকলে ৷ প্ৰায় কেইবাঘণ্টা ধৰি পথ অৱৰোধ কৰি ডাম্পাৰৰ চলাচল বন্ধ কৰি দিয়ে ৷ অভিযোগ অনুসৰি, ডাম্পাৰৰ মালিকসকলে ওলোটাকৈ প্ৰতিবাদকাৰী মহিলাসকলকহে উভতি ধৰি কয় যে আমি কি কৰি খাম ৷ যদি ডাম্পাৰ বন্ধ কৰিব লাগে তেন্তে জীৱিকাৰ পথ দিয়া ৷ এনেদৰে কিছু বাকবিতণ্ডা হয় ৷

মহিলাসকলে কৰা অভিযোগ মতে, আৰক্ষী প্ৰশাসনক এই বিষয়টি অৱগত কৰাৰ পিছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত মহিলাসকলে আশ্চৰ্য প্ৰকাশ কৰিছে আৰু শীঘ্ৰে ডাম্পাৰচালকক নিয়ন্ত্ৰণ কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে ৷

বিশেষ বাৰ্তা, শুৱালকুছি, ১৩ ফ্ৰেব্ৰুৱাৰী :
You might also like