ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অহা এখন ট্ৰাকৰ পৰা ৫টাকৈ ম’হ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা গৌৰীপুৰৰ মাজেৰে যোৱা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ এটা দলে অভিযান চলাই এ এছ-১৭চি-৫১১১ নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পৰা ৫টাকৈ ম’হ উদ্ধাৰ কৰে। ম’হকেইটা গোপনে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ অনা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, আৰক্ষীয়ে ইতিমধ্যে মহ কেইটা উদ্ধাৰ কৰাৰ সমান্তৰালকৈ বাহনসহ সেই খনৰ দুজনকৈ চালকক কৰায়ত্ত কৰি শোধপোচ চলাই আছে। ইয়াতে উল্লেখনীয় এয়াও যে, বিগত ১১ অক্টোবৰৰ দিনা গৌৰীপুৰৰ চাৰালডাংগাত গৌৰীপুৰৰ এখন মালবাহী ট্ৰাকৰ পৰা নমাই থকা অৱস্থাত আৰক্ষীয়ে ১৪টাকৈ উট উদ্ধাৰ কৰিছিল। ফলত স্বাভাবিক ভাবেই বহিঃৰাজ্যৰ পৰা বাংলাদেশের সৰবৰাহ কৰিবলৈ কিদৰে পশুধন অনায়াসে অসমলৈ অনা হৈ আছে বুলি এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰো জন্ম দিছে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৭ অক্টোবৰ