নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ শতাংশ নম্বৰ ৰেহাইৰ দাবী সংযোগী শিক্ষাকর্মীৰ

বিশেষ টেটৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ সুদীর্ঘ ১২ বছৰীয়া আন্দোলনৰ অন্তত যোৱা ৩ অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হয় বিশেষ টেট৷ এইবাৰ ৰাজ্যৰ ১৫ হাজাৰৰো অধিক প্রার্থীয়ে অৱতীর্ণ হয় এই বিশেষ টেটত৷ বিগত সময়ছোৱাত বিশেষ টেট অনুষ্ঠিত কৰিবলৈ চৰকাৰক আহ্বান জনাই আহিছিল সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ অৱশেষত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, শিক্ষামন্ত্রী ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ সিদ্ধান্তমর্মে ৩ অক্টোবৰত অনুষ্ঠিত হয় এই বিশেষ টেট৷ যাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷

এক প্রেছ বিজ্ঞপ্তিযোগে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাৰ সভাপতি আবুল কালাম, সাধাৰণ সম্পাদক মৃণাল ৰাজবংশীয়ে পৰীক্ষাৰ ফলাফলত ৩০ শতাংশ বিশেষ ৰেহাই দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷ উল্লেখ্য যে শেহতীয়াকৈ অনুষ্ঠিত হোৱা এই বিশেষ টেটৰ প্রশ্ণকাকত কিছু জটিল হোৱা বাবে হতাশাত ভুগিছে সংযোগী শিক্ষাকর্মী সন্থাৰ একাংশ৷ একেদৰে এইবাৰ বিশেষ টেটত অৱতীর্ণ হোৱা বহু প্রার্থীৰ বয়স এইবাৰ উকলি যোৱাৰ আশংকাতে চৰকাৰক নম্বৰ ৰেহাই দিবলৈ আহ্বান জনাইছে সংযোগী শিক্ষাকর্মীসকলে৷ ইতিমধ্যে এই সন্দর্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ ওচৰত এখন স্মাৰক–পত্র প্রদান কৰিছে সদৌ অসম সংযোগী শিক্ষাকর্মী সন্থাই৷ ইফালে শিক্ষামন্ত্রী ৰণোজ পেগুৱে এই সন্দর্ভত উপযুক্ত ব্যৱস্থা গ্রহণ কৰিবলৈ শিক্ষা বিভাগৰ আযুক্ত সচিবক নির্দেশ দিছে বুলি জানিব পৰা গৈছে৷

You might also like