নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মেধাৱী শিক্ষার্থীক প্রদান কৰা হ’ব স্কুটী

নিয়মীয়া বাৰ্তা, ৩০নৱেম্বৰ:  প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি ৰাজ্যৰ মেধাৱী শিক্ষার্থীক প্রদান কৰা হ’ব স্কুটী৷ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২ বজাত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত মেধাৱী শিক্ষার্থীসকলক স্কুটীসমূহ প্রদান কৰা হ’ব৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শিক্ষামন্ত্রী ড০ ৰণোজ পেগু আৰু ৰাজ্য চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননীগোপাল মহন্তৰ উপস্থিতিত স্কুটীসমূহ প্রদান কৰিব৷ আজি কেন্দ্রীয় অনুষ্ঠানত কামৰূপ আৰু কামৰূপ (ম) জিলাৰ শিক্ষার্থীসকলক স্কুটী প্রদান কৰা হ’ব৷ একেটা অনুষ্ঠানতে নলবাৰী, দৰং, নগাঁও আৰু মৰিগাঁৱৰ শিক্ষার্থীসকলক প্রশংসা পত্র মুখ্যমন্ত্রীয়ে প্রদান কৰিব৷ পৰৱর্তী সময়ত আন জিলাসমূহত জিলাভিত্তিক অনুষ্ঠানৰ জৰিয়তে স্কুটীসমূহ প্রদান কৰা হ’ব৷

উল্লেখ্য যে এই আঁচনিখনৰ অধীনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্র আৰু প্রথম বিভাগত উত্তীর্ণ হোৱা শিক্ষার্থীসকলক স্কুটী প্রদান কৰা হয়৷ ছাত্র–ছাত্রীসকলৰ জ্ঞান অন্বেষণৰ যাত্রা অধিক সুগম কৰি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আঁচনিখন ৰূপায়ণ কৰি আহিছে৷ এইবাৰ মুঠ ৩৫,৮০০ শিক্ষার্থীক স্কুটী প্রদান কৰা হ’ব৷ ইয়াৰ ভিতৰত ৬,০৫২জন ছাত্র আৰু ২৯,৭৪৮গৰাকী ছাত্রী৷

You might also like