নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ ফেব্ৰুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ ফেব্রুৱাৰী, মাঘ মাহৰ ২৩ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : হস্তা, যাত্রা : শুভ

মেষ : দূৰত থকা কোনোবা প্রিয়জনৰ উন্নতি আৰু কর্মসংস্থাপনৰ যোগ বিদ্যমান৷ প্রেম আৰু দাম্পত্যতো মধ্যম৷ নীলা আপোনাৰ বাবে শুভ ৰং, ৪ শুভ সংখ্যা৷

বৃষ : আৱেগপ্রৱণতা বৃদ্ধি পাব। কর্মস্থানত বিপদৰ শংকা নাই৷ পাৰিবাৰিক মধ্যম৷ আজি সেউজীয়া ৰং ব্যৱহাৰ কৰিব৷ ২ শুভ সংখ্যা৷

মিথুন : খৰচ বৃদ্ধি হ’লেও অর্থনৈতিক সমস্যা নিয়ন্ত্রণত থাকিব৷ ভ্রমণ স্থগিত ৰাখক৷ প্রেমত শুভ। হালধীয়া শুভ ৰং, ৪ শুভ সংখ্যা৷

কর্কট : কর্মক্ষেত্রত ভৱিষ্যৎ অনুকূল দেখা যায়৷ কিন্তু কোনো সংযোগপ্রাপ্তিত বাধা৷ আজি যাত্রা নকৰাই ভাল৷ ক্রীম আপোনাৰ শুভ ৰং, ৩ শুভ সংখ্যা৷

সিংহ : পাৰিবাৰিক শুভ৷ কর্মস্থানত বাধা কম৷ আর্থিক ক্ষেত্রত শুভপ্রদ৷ প্রেম–দাম্পত্যত মধ্যম ফল৷ ৰঙা শুভ ৰং, শুভ সংখ্যা ৯৷

কন্যা : অবাঞ্ছিত লোকৰ লগত সাৱধানে থকা ভাল৷ কিন্তু সামগ্রিকভাৱে দিনটো ভাল৷ ক’লা শুভ ৰং, ১ শুভ সংখ্যা৷

তুলা : আর্থিক লাভৰ যোগ নাই৷ পাৰিবাৰিক পূর্বৰ তুলনাত ভাল৷ বিশেষ কর্মক্ষেত্রত অগ্রগতি আশা কৰা যায়৷ সন্তানৰ শুভ৷ মেৰুন শুভ ৰং, ৬ শুভ সংখ্যা৷

বৃশ্চিক : সাধাৰণ উন্নতি৷ কিন্তু কোনো ভাল পৰিৱেশ জটিল হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ ফল৷ গোলাপী আপোনাৰ বাবে শুভ ৰং, ৬ শুভ সংখ্যা৷

ধনু : আজি চলা–ফুৰাত সতর্ক থাকক৷ গুৰুত্বপূর্ণ বিষয়ত অন্যমনস্ক হ’ব নালাগে৷ পাৰিবাৰিক মধ্যম৷ বগা আপোনাৰ বাবে শুভ ৰং, ৩ শুভ সংখ্যা৷

মকৰ : পুৰণি বন্ধুৰ সংগ লাভ৷ ভ্রমণ স্থগিত ৰাখক৷ আর্থিকত শুভ৷ প্রেম আৰু দাম্পত্যতো মধ্যম৷ নীলা আপোনাৰ বাবে শুভ ৰং, ৪ শুভ সংখ্যা৷

কুম্ভ : দিনটোত নানাধৰণৰ চিন্তাই আমনি কৰিব৷ পূর্বতে দিয়া কথাৰ প্রতি সতর্ক থাকক৷ বগা ৰং আপোনাৰ শুভ, শুভ সংখ্যা ৩৷

মীন : কর্মস্থানত যাতে ভুল নহয়, লক্ষ্য ৰাখিব৷ বিদ্যার্থীৰ মধ্যম আশা কৰা যায়৷ বেঙুনীয়া শুভ ৰং, ৮ শুভ সংখ্যা৷

You might also like