নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত এসপ্তাহত বনৰীয়া হাতীৰ আক্ৰমণত তিনিজনৰ মৃত্যু

বনৰীয়া হাতীৰ মুক্ত বিচৰণস্থলীত পৰিণত হোৱা কলিয়াবৰত এসপ্তাহৰ ভিতৰত তিনিজন লোকৰ মৃত্যু হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফলত বন বিভাগ, কলিয়াবৰ সমজিলা প্ৰশাসন, স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে কলিয়াবৰীয়া ৰাইজ।

কলিয়াবৰৰ লেংটেং-আমগুৰিত কালি নিশা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হোৱা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত খবৰ অনুসৰি, কালি নিশা প্ৰায় ১২ বজাত  পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা হাতীৰ জাকৰ পৰা এটা হাতী আহি এজন লোকক আক্ৰমণ কৰে‌। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ লোক উপস্থিত হৈ লোকজনক চিমনাবস্তি প্ৰাথমিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। বনৰীয়া হাতীৰ আক্ৰমণত নিহত লোকজন হ’ল মাৰ্টিয়াচ চুৰিণ (৬২)।  বন বিভাগৰ এজন কৰ্মচাৰী, এগৰাকী মহিলা আৰু কালি নিহত লোকজনকে ধৰি এসপ্তাহৰ ভিতৰত কলিয়াবৰত তিনিজন লোকৰ মৃত্যু হৈছে।

ইপিনে, শিলঘাটৰ চামধৰা গাঁৱত বনৰীয়া হাতীয়ে কেইবাদিনো ধৰি তাণ্ডৱ চলাই থকাত গাঁওখনৰ লোকসকলৰ নিদ্ৰা হৰিছে। যোৱানিশাও বনৰীয়া হাতীয়ে এঘৰ লোকৰ পকী ঘৰ ভাঙি সাঁচতীয়া ধন খাই অনিষ্ট সাধন কৰে। বনৰীয়া হাতীয়ে কলিয়াবৰৰ বিভিন্ন স্থানত ধাৰাবাহিক তাণ্ডৱ চলাই থকাৰ পিছতো চৰকাৰ তথা বন বিভাগৰ গা নলৰাত ৰাইজ বাৰুকৈয়ে বন বিভাগৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে।

বিশেষ বাৰ্তা, নগাঁও, ৫ ফেব্ৰুৱাৰী :

You might also like