নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : সভাৰ শোভা

আক্ষৰিক অর্থত সভা মানে কোনো বিশেষ কামত লগ লগা মানুহৰ সমষ্টি, সমাজ, মেল৷ আপাততঃ অসম সাহিত্য সভাও তেনে এটি অনুষ্ঠান৷ অসমীয়া ভাষা-সাহিত্যৰ প্রচাৰ আৰু প্রসাৰ সাধনৰ উদ্দেশ্যে যোৱাটো শতিকাৰ প্রথম ভাগতে এচাম অসমহিতৈষী লোকৰ প্রচেষ্টাত গঢ় লৈ উঠিছিল অসম সাহিত্য সভা৷ ব্রিটিছে অসম অধিকাৰ কৰাৰ পিছতেই অসমীয়া ভাষাই যি বিপর্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল, তাৰ পৰা ভাষাটোৱে উদ্ধাৰ হৈছিল কেইগৰাকীমান প্রাতঃস্মৰণীয় ব্যক্তিৰ আশাশুধীয়া প্রচেষ্টাত আৰু এনে বিপর্যয়ত পুনৰ নপৰক বুলিয়েই ভাষাটোৰ শ্রীবৃদ্ধিৰ হকে কাম কৰাৰ উদ্দেশ্যে প্রথম অৱস্থাত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ আৰু পিছলৈ ‘অসম সাহিত্য সভা’ৰ জন্ম হৈছিল৷ ইয়াত নাছিল কোনো সংকীর্ণ ব্যক্তিগত স্বার্থ৷ সকলোৱেই ভাষা–সাহিত্যৰ উৎকর্ষ সাধনৰ মহান লক্ষ্য আৰু উদ্দেশ্যৰ প্রতি অকুণ্ঠ সমর্থন জনায়েই ‘অসম সাহিত্য সভা’ৰ গঠন আৰু প্রসাৰত যথাসাধ্য অৰিহণা যোগাইছিল৷ কোনোৱে যদি দেহে–কেহে খাটি দিছিল, আন কোনোৱে আকৌ ধন–বিত আগবঢ়াই সহায় কৰিছিল, কোনোৱে সাংগঠনিক দিশত হাত উজান দিছিল৷ প্রথম অৱস্থাৰে পৰাই অসমৰ এটা প্রাণৰ অনুষ্ঠানৰ মর্যাদা লাভ কৰিছিল অসম সাহিত্য সভাই, সেই সৌষ্ঠৱ এতিয়াও অক্ষুণ্ণ আছে৷ এসময়ৰ সমগ্র অবিভক্ত অসমখনকে এটা ছাতিৰ তলত যেন সমৱেত কৰাবলৈ সক্ষম হৈছিল অসম সাহিত্য সভাই৷ ৰাজনৈতিক কাৰণত তেতিয়াৰ বৰ অসমখন এতিয়া বহুখিনি সংকুচিত হৈ পৰিলেও ‘অসম সাহিত্য সভা’ৰ মান বর্তমানৰ অসম মুলুকত একেই আছে৷ সভাৰ আক্ষৰিক অর্থৰ বহু ঊর্ধ্বত অৱস্থান কৰিছে অসম সাহিত্য সভাই৷

‘অসম সাহিত্য সভা’ এতিয়া অসমৰ এটা অন্যতম জাতীয় অনুষ্ঠান৷ বিগত সময়ছোৱাত জাতিৰ সন্মুখত দেখা দিয়া বিভিন্ন সংকটৰ সময়ত কেৱল মাত মতাই নহয়, অসম আৰু অসমীয়াৰ স্বার্থত নেতৃত্বও প্রদান কৰিছিল৷ আজিও বিভিন্ন জাতীয় প্রশ্ণত জনসাধাৰণে অসম সাহিত্য সভাৰ মুখলৈ চাই থাকে নেতৃত্ব বা সমাধানৰ আশাত৷ এই আপোন ভাবৰ বাবেই সাহিত্য সভাৰ অধিৱেশনথলী লোকাৰণ্য হৈ পৰে৷ এই লোকসকলৰ সকলোৱেই সাহিত্যিক বা ভাষাবিদ নহয়, কিন্তু সকলো শ্রেণীৰ লোকেই সভাস্থলীত এপাক ভুমুকি মাৰিবলৈ অন্তৰেৰে ভাল পায়৷ এয়াই আৱেগ৷ ‘অসম সাহিত্য সভা’ৰ সৈতে অসমবাসীৰ আৱেগৰ সম্পর্ক৷ এই সম্পর্ক এদিনতে গঢ়ি উঠা নহয়, শতিকা পুৰণি বৃহৎ সংগঠনটোৰ বিষয়ববীয়া, কর্মকর্তা, শুভাকাংক্ষী আটাইৰে দীঘলীয়া প্রয়াস আৰু সংগঠনটোৱে পালন কৰি অহা জাতীয় দায়িত্বৰ ফচল এয়া৷ কিন্তু অসমৰ ৰাইজক ক্রমে আশাহত কৰি ‘অসম সাহিত্য সভাই’ যেন পূর্বৰ সেই গৰিমাক ধৰি ৰাখিব পৰা নাই৷ যোৱা কিছু বছৰৰ পৰা সাহিত্য সভাৰ ভিতৰচ’ৰাত যি ক্ষমতাকেন্দ্রিক যুঁজ–বাগৰৰ পৰিৱেশ সৃষ্টি হোৱাৰ কথা পোহৰলৈ আহিছে, সিয়ে জাতীয় সংগঠনটোৰ প্রতি সদ্ভাব ৰখা সাধাৰণ জনতাক লজ্জানত কৰিছে৷ যি লক্ষ্য আৰু উদ্দেশ্যৰে পূর্বৰ মনীষীসকলে এনে এটি সংগঠনৰ জন্ম দিছিল, তাৰ পৰা যেন ক্রমে কক্ষচ্যুত হৈ পৰিছে সংগঠনটো৷ সেইবাবেই বহুকেইগৰাকী প্রথিতযশা সাহিত্যিকে সংগঠনটোৰ সভাপতি পদ ল’বলৈয়ে অস্বীকাৰ কৰিছিল৷ আনহাতে, আন একাংশই আকৌ সভাপতি পদটোৰ বাবেই খোৱা–কামোৰাত লিপ্ত হোৱাৰো খবৰ এতিয়া সুলভ৷

নিকৃষ্ট ৰাজনীতিৰ পয়োভৰ ঘটিবলৈ লৈছে সাহিত্য সভাৰ মজিয়াত৷ তাৰ বাবেই সমাজৰ বহুতেই অসম সাহিত্য সভাৰ প্রতি পিঠি দিবলৈ লৈছে৷ সাধাৰণ নাগৰিকৰো পূর্বৰ আগ্রহ কমি আহিবলৈ ধৰিছে৷ তেনে সময়তে বর্তমানৰ সভাপতিগৰাকীৰ কার্যকালৰ বিগত সময়ছোৱাৰ কার্যকলাপে সাধাৰণ মানুহৰ দৃষ্টি আকর্ষণ কৰিছে৷ ক্রমে নিৰ্জীৱ  হৈ পৰিবলৈ ধৰা সাহিত্য সভাখনলৈ সজীৱতা ঘূৰাই অনাৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ বিশেষকৈ নতুন প্রজন্মৰ সাহিত্যচর্চাত ব্রতী অনেককে সাহিত্য সভাৰ মজিয়ালৈ আনিবলৈ সক্ষম হৈছে তেওঁ৷ সংগঠন এটাৰ বাবে নতুন প্রজন্মক আকর্ষিত কৰিব পৰাটো এটা সাফল্য বুলিয়েই ক’ব লাগিব৷ কিন্তু এইক্ষেত্রত কেৱল সংখ্যাগত দিশটোৱেই বিচার্যৰ বিষয় হোৱাটো উচিত নহয়৷ চাব লাগে যাতে একাগ্রতাৰে কাম কৰিব পৰা বা সংগঠনটোৰ প্রতি সঁচাকৈয়ে শ্রদ্ধাশীল লোকৰহে সমাৱেশ ঘটে৷ নহ’লে বিষয়বাব বা গ্লেমাৰৰ আশাত সভাৰ মজিয়াত ভৰি দিয়াসকলে মূল উদ্দেশ্যক আওকাণ কৰাটোত আচৰিত হ’বলগীয়া একো নাথাকিব৷ তদুপৰি নতুন প্রজন্মক সভাৰ মজিয়ালৈ অনাটোৱেই শেষ কথা হ’ব নোৱাৰে, তেওঁলোকক অগ্রজসকলে কি আদর্শৰে পৰিচালিত কৰিব সেইটোও এটা বিচার্যৰ বিষয়৷ এটা ভাল মনোভাব লৈ সভাৰ মজিয়ালৈ অহা নতুন প্রজন্মৰ লোকসকলৰ বাবে অস্বস্তিকৰ পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হ’ব পৰা কার্যৰ পৰা বিৰত থাকিব লাগে অগ্রজসকল৷ শেহতীয়াকৈ গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত হৈ যোৱা সভাৰ বার্ষিক বিশেষ অধিৱেশনত ঘটা অপ্রীতিকৰ ঘটনাই সাহিত্য সভাৰ ক্রমে উজ্জ্বল হৈ আহিবলৈ ধৰা ভাবমূর্তিত যেন কালিমা সানিলে৷ অসম সহিত্য সভা এটা গণতান্ত্রিক সংগঠন৷ ইয়াত বিভিন্নজনৰ মত উত্থাপন হ’বই পাৰে৷ কাৰোবাৰ মত কাৰোবাৰ পছন্দ নহ’লে তাক গণতান্ত্রিক প্রক্রিয়াৰে উত্থাপন কৰা আৰু এই মতবিৰোধক গণতান্ত্রিক প্রক্রিয়াৰে সমাধান কৰাৰো উপায় আছে৷ কিন্তু তাকে নকৰি হতাহতি কৰাৰ দৰে অশিষ্ট পৰিৱেশ এটাৰ সৃষ্টি কৰাটো কেৱল লজ্জাজনকেই নহয়, গর্হিতও৷ জ্যেষ্ঠসকলেই নিজক সংযত কৰিব নোৱাৰিলে কনিষ্ঠসকলক কি আদর্শ দেখুৱাব৷

তদুপৰি প্রতিনিধি সভাত গোপনীয়তা বজাই ৰখা হয়, যিহেতু সেই সভাখনৰ আলোচনাত কেৱল পঞ্জীভুক্ত সদস্য আৰু বিষয়ববীয়াইহে ভাগ লয়৷ ভিতৰুৱা কথা এটা ফাদিল হোৱাটোও আন এক দুর্বলতা৷ এইবোৰ কথাই সভাৰ ভাবমূর্তি বিনষ্ট কৰিছে৷ গতিকে ন–পুৰণি সকলো বিষয়ববীয়া তথা সদস্যই সকলো দিশ চালি–জাৰি চাই কাম কৰা উচিত৷ কিবা সাংগঠনিক বা আন যিকোনো ক্ষেত্রতে সিদ্ধান্ত ল’ব বা পৰিৱর্তন কৰিব খুজিলেও তাক গণতান্ত্রিক মাধ্যমেৰেহে কৰা উচিত৷ সাহিত্য সভাৰ এনেবোৰ কর্ম–কাণ্ডক সাধাৰণ ৰাইজেও এইবাবেই অতি গুৰুত্ব সহকাৰে লক্ষ্য কৰি আছে যে এই অনুষ্ঠানটোক অসমৰ আটায়ে নিজৰ অনুষ্ঠান বুলি ভাবে, নিজৰ জাতীয় ঐতিহ্য আৰু গৌৰৱ বুলি গণ্য কৰে৷ এটা জাতীয় অনুষ্ঠানক জাতীয় সন্মান আৰু সম্ভ্রম ৰক্ষা কৰি পৰিচালনা কৰিব পৰাটোতেই আটাইৰে কৃতিত্ব৷ আজি সকলোৱেই নিশ্চয় আশা কৰে যাতে অসম সাহিত্য সভাই পূর্বৰ গৰিমাৰে সমুজ্জ্বল হৈ পুনৰ ভাষা, সাহিত্য আৰু জাতিৰ হকে কাম কৰি জিলিকি উঠিবলৈ সক্ষম হয়৷

You might also like