নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৬৭ লাখ পৰিয়ালৰ ঘৰে ঘৰে বিজেপি

কংগ্রেছৰ ‘অসম বচাওঁ’ৰ প্রত্যুত্তৰত বিশাল ‘পৰিয়াল সম্পর্ক’ অভিযান

নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ  বিৰোধীৰ মহাজোঁটৰ সমীকৰণক প্রত্যাহ্বান জনাই ৰাজ্যৰ ৬৭ লাখ পৰিয়ালৰ ওচৰত থিয় দিয়াৰ যাত্রা আৰম্ভ কৰিলে বিজেপিয়ে৷ কংগ্রেছ, এআইইউডিএফ আৰু বাঁওপন্থী দলে গঠন কৰা মহাজোঁটে শাসকীয় দলটোক প্রত্যাহ্বান জনাই অসম বচাওঁ আহক অভিযান আৰম্ভ কৰাৰ সময়তে বিৰোধীক নিষ্প্রভ কৰি আজিৰে পৰা বিজেপিয়ে আৰম্ভ কৰিলে পৰিয়াল সম্পর্ক অভিযান৷ মুখ্যতঃ নির্বাচনৰ প্রাক্ক্ষণত প্রতিটো ভোটকেন্দ্রৰ প্রতিজন ভোটাৰক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে আৰম্ভ কৰা এই পৰিয়াল সম্পর্ক অভিযানৰ দ্বাৰা এসপ্তাহৰ ভিতৰতে বিজেপি যাব ৰাজ্যৰ ৬৭ লাখ পৰিয়ালৰ ওচৰলৈ৷ বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে বিৰোধী কংগ্রেছে বাছ যাত্রাৰে ভোটাৰৰ ওচৰলৈ গৈ বিজেপিৰ পৰা অসমখনক বচাবলৈ আৰম্ভ কৰা অভিযান তীব্র হোৱাৰ পূর্বে দলৰ সাংগঠনিক শক্তিক লগত লৈ বিজেপিবিৰোধী অভিযানক নিষ্প্রভ কৰাৰ লক্ষ্যৰে শাসকীয় দলটোৱে আৰম্ভ কৰা এই পৰিয়াল সম্পর্ক অভিযানত নামি পৰিছে দলটোৰ ৪ লাখ পৃষ্ঠাপ্রমুখ৷ মুখ্যতঃ প্রতিগৰাকী ভোটাৰৰ ওচৰলৈ গৈ এই পৃষ্ঠাপ্রমুখসকলে দলৰ হৈ অহা এসপ্তাহত ৰাজ্যৰ ১২৬টা সমষ্টিত চলাব নির্বাচনী প্রচাৰ৷

মঙলবাৰে দিছপুৰ বিধানসভা সমষ্টিৰ ৰাজধানী মণ্ডলত উপস্থিত হৈ দলৰ পৰিয়াল সম্পর্ক অভিযানৰ শুভাৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ স্পষ্ট ঘোষণা– তৃণমূল পর্যায়ৰ সাংগঠনিক শক্তিৰে বিজেপিয়ে ১০০+ মিছন সম্পূর্ণ কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে অহা মার্চ মাহৰ আৰম্ভণিতেই অসমত নির্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি এই সন্দর্ভত ইংগিত দি বিজেপিৰ কার্যকর্তাসকলক নির্বাচনৰ বাবে প্রস্তুত হ’বলৈ আহ্বান জনাইছে৷ অহা মাহৰ প্রথম ভাগতে নির্বাচনৰ সূচী ঘোষণাৰ সম্ভাৱনাৰ প্রতি লক্ষ্য ৰাখি ১২৬টা বিধানসভা সমষ্টিত ৪ লাখ পৃষ্ঠাপ্রমুখেৰে নির্বাচনী ৰণডংকা বজাবলৈ সাজু হৈছে শাসকীয় দলটো৷ ১ মার্চলৈ চলিব লগা এই পৰিয়াল সম্পর্ক অভিযানৰ দ্বাৰা প্রতিজন পৃষ্ঠাপ্রমুখ আৰু দলৰ প্রতিজন কার্যকর্তাই প্রতিটো সমষ্টিৰ প্রতিটো মণ্ডল আৰু প্রতিটো বুথত ৬৭ লাখ পৰিয়ালক সাক্ষাৎ কৰি যোৱা চাৰে চাৰি বছৰত পাহাৰ–ভৈয়ামৰ বিভিন্ন জাতি–জনগোষ্ঠী, ভাষা–ভাষী, ধর্মাৱলম্বী লোকক সাঙুৰি বিজেপিয়ে গ্রহণ কৰা সর্বব্যাপী, সর্বস্পর্শী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব৷

এই পৰিয়াল সম্পর্ক অভিযান আৰম্ভ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ কংগ্রেছলৈ তীব্র কটাক্ষ– কংগ্রেছে অসম শেষ কৰিলে, কংগ্রেছৰ পৰা অসমক বচালে বিজেপিয়ে৷ স্বাভিমানী অসমীয়া থকালৈকে কংগ্রেছ আৰু এআইইউডিএফ কেতিয়াও ক্ষমতালৈ আহিব নোৱাৰে৷ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা বিজেপিৰ বাবে লাভদায়ক হ’ব৷ কিয়নো উজনি আৰু উত্তৰ অসমৰ ৰাইজে এই মিত্রতাক ঘৃণাৰ চকুৰে চাইছে৷ অসমলৈ বিদেশী অনা দলটো হ’ল কংগ্রেছ দল৷ বিদেশীক সুৰক্ষা দিয়া দলটোৱেই হৈছে এআইইউডিএফ দল৷ সেয়েহে এইবাৰ বিজেপিয়ে উজনি আৰু উত্তৰ অসমত কংগ্রেছ–এআইইউডিএফৰ্ দখলত থকা ৭টা সমষ্টি ক্রমে গোলাঘাট, নাজিৰা, সৰুপথাৰ, মৰিয়নি, ডুমডুমা, নাওবৈচা আৰু শিৱসাগৰৰ ভোটাৰে বিজেপিৰ সপক্ষে থিয় দিব৷ আনহাতে নতুন দলক সমালোচনা কৰি ৰঞ্জিত দাসৰ মন্তব্য– নির্বাচনত এইবাৰ ৰাইজে আৱেগৰ আধাৰত ভোট নিদিয়ে৷ ১৯৮৫ চনত অসমৰ ৰাইজে আৱেগৰ আধাৰত ভোট দিয়াৰ পিছত আঞ্চলিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল৷ ৰাইজে বিবেকৰ আধাৰতহে ভোট দিব৷ ইয়াৰ প্রমাণ পঞ্চায়ত নির্বাচনত স্পষ্ট হৈছে৷ ‘কা’ আন্দোলনৰ জৰিয়তে বিৰোধীয়ে আৱেগৰ সৃষ্টি কৰিব বিচাৰিছিল যদিও অসমৰ ৰাইজে বিজেপিকহে প্রথম স্থানত ৰাখিলে৷

মন কৰিবলগীয়া যে পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে বিজেপিয়ে ইতিমধ্যে বিশেষ পৰিকল্পনাৰে আৰম্ভ কৰা প্রস্তুতিৰ অংশ ৰূপে আজিৰে পৰা প্রতিটো সমষ্টিতে দলটোৰ একোজন পৃষ্ঠাপ্রমুখে ৬০জনকৈ ভোটাৰক সাক্ষাৎ কৰিব৷ বিজেপিয়ে এই অভিযানত এইবাৰ লক্ষ্য কৰি লৈছে কংগ্রেছ অথবা বিৰোধীৰ শিবিৰত থকা ভোটাৰক৷ বিৰোধী শিবিৰৰ ভোট নিজৰ দখললৈ আনি ১০০+ আসন লক্ষ্যত উপনীত হ’বলৈ আৰম্ভ কৰা এই অভিযানত আজি নামি পৰিল মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ ৰাষ্ট্রীয় সম্পাদক দিলীপ শইকীয়াকে ধৰি দলটোৰ সকলো নেতা, মন্ত্রী, বিধায়ক আৰু বিষয়ববীয়া৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে চতিয়া সমষ্টিৰ জামুগুৰিহাটত উপস্থিত হৈ ৰাইজৰ মনোভাবৰ বিষয়ে জ্ঞাত হোৱাৰ লগতে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ বিষয়ে অৱগত কৰে৷ আনহাতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই হোজাইত উপস্থিত থাকি কেইবাটাও পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে ৰাজ্য চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক আঁচনিৰ দ্বাৰা উপকৃত হৈছে নে নাই, সেই সম্পর্কে বিভিন্ন তথ্য সংগ্রহ কৰে৷ দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা দিলীপ শইকীয়াই মঙলদৈ সমষ্টিৰ পূর্ণকামদেৱ মোমাইতোলা গাঁৱত উপস্থিত হৈ পৰিয়াল সম্পর্ক অভিযানৰ কার্যসূচীত অংশগ্রহণ কৰি দল আৰু চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক আঁচনিসমূহ অৱগত কৰে৷ উল্লেখ্য যে পৰিয়াল সম্পর্ক অভিযানৰ পূর্বে ৰাজ্যিক বিজেপিয়ে নির্বাচনক লক্ষ্য কৰিয়ে আৰম্ভ কৰিছিল জনসম্পর্ক অভিযান৷ এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বুদ্ধিজীৱী, শিল্পী–সাহিত্যিকসকল্ সাক্ষাৎ কৰি দল–চৰকাৰৰ লক্ষ্য আৰু উদ্দেশ্য সম্পর্কে অৱগত কৰি আহিছে৷ ৰাজ্যিক বিজেপিৰ এই কার্যসূচীত ইতিমধ্যে ৰাষ্ট্রীয় কেইবাগৰাকীও নেতাই অংশ লোৱাৰ লগতে কেইবাজনো কেন্দ্রীয় মন্ত্রীয়েও জনসম্পর্ক অভিযানৰ জৰিয়তে দল–চৰকাৰৰ নীতি অৱগত কৰি আহিছে৷

ইফালে, মঙলবাৰে পৰিয়াল সম্পর্ক অভিযান সন্দর্ভত ৰাজ্যিক বিজেপিৰ সম্পাদক দীপ্লুৰঞ্জন শর্মাই কয় যে পৰিয়াল সম্পর্ক অভিযানৰ জৰিয়তে বিজেপিৰ কার্যকর্তাসকলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে গ্রহণ কৰি অহা অভিলেখসংখ্যক কর্মৰাজিৰ এক তথ্যসম্বলিত পত্র তথা খতিয়ান ভোটাৰ ৰাইজৰ ওচৰত দাঙি ধৰা হ’ব৷ আনহাতে কংগ্রেছৰ অসম বচাওঁ আহক অভিযানক নির্বাচনকেন্দ্রিক নাটক বুলি সমালোচনা কৰি সম্পাদকজনে কয়– নির্বাচনী বতৰৰ প্রতি লক্ষ্য ৰাখিয়ে কংগ্রেছে ৰাইজৰ ওচৰলৈ ঢ়াপলি মেলিছে৷ কংগ্রেছৰ এই অভিযান নাটক৷ ইয়াৰ বিপৰীতে বিজেপিৰ এই অভিযান দর্শন৷ ১৯৯১ চনৰ ২১ অক্টোবৰৰ পৰাই বিজেপিয়ে নিৰৱচ্ছিন্নভাৱে পৰিয়াল সম্পর্ক কার্যসূচী ৰূপায়ণ কৰি আহিছে৷ বিগত বর্ষত ক’ৰোনাৰ সংকটৰ সময়তো বিজেপিয়ে ৰাইজৰ ওচৰত থিয় দিছিল৷ সেই সময়ত কিন্তু ৰাইজৰ দুখ–দুর্দশাৰ খবৰ ল’বলৈ আঁতৰি আছিল কংগ্রেছ৷

You might also like