নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুলপীয়া বলেৰে বেটিং অধিক প্রত্যাহ্বানজনক: কোহলি

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃ যিকোনো উইকেটত গুলপীয়া বলেৰে বেটিং কৰাটো অধিক প্রত্যাহ্বানজনক৷ বিশেষকৈ সন্ধিয়াৰ সময়ত বেটিং কৰিবলগীয়া দলটোৱে ইনিংছৰ আৰম্ভণিতে অধিক সতর্ক হ’ব লাগিব৷ এই মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷

ইংলেণ্ডৰ বিৰুদ্ধে বিশ্বৰ সর্ববৃহৎ ম’টেৰা ক্রিকেট ষ্টেডিয়ামত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া বহু প্রত্যাশিত দিবা–নৈশ টেষ্টৰ প্রস্তুতি সন্দর্ভত কোহলিয়ে কয় যে গুলপীয়া বলৰ টেষ্টত সুকীয়া ৰণনীতিৰে টীম ইণ্ডিয়া সাজু হৈছে৷ ইংলেণ্ডৰ বেটছমেনৰ দুর্বলতাৰ সুযোগ ল’বলৈ ভাৰতীয় বেগী বলিং আক্রমণ প্রস্তুত হৈ আছে বুলি উল্লেখ কৰি অধিনায়কগৰাকীয়ে কয় যে গুলপীয়া বলৰ উজ্জ্বলতা থকা পর্যন্ত বেগী বলাৰে আধিপত্য বিস্তাৰ কৰাটো নিশ্চিত৷ অৱশ্যে মেচখনত স্পিনাৰৰ ভূমিকাও গুৰুত্বপূর্ণ হ’ব বুলি কোহলিয়ে উল্লেখ কৰে৷

‘ৰঙা বলতকৈ গুলপীয়া বল অধিক ছুইং হোৱাটো নিশ্চিত৷ ২০১৯ত বাংলাদেশৰ বিৰুদ্ধে আমি প্রথমবাৰৰ বাবে দিবা–নৈশ টেষ্ট খেলাৰ সময়ত আমি ইয়াৰ প্রমাণ পাইছিলোঁ৷ বলৰ উজ্জ্বলতা অটুট থকালৈকে বেগী বলাৰে বেটছমেনক সমস্যাত পেলোৱাটো নিশ্চিত৷ বল পুৰণি হ’লে স্পিনাৰৰ বাবেও উইকেট উপযোগী হৈ উঠাৰ সম্ভাৱনা আছে৷’ অধিনায়ক কোহলিয়ে এইদৰে কয়৷

You might also like