নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ অক্টোবৰ : নগৰবেৰাৰ জামলাই চেনিমাৰাত ভূমিকেন্দ্ৰিক সংঘাতে ভয়ংকৰ ৰূপ লয়। দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত আহত হয় কেইবাজনো লোক। সংকটজনক অৱস্থাত ৫জনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় |
জানিব পৰা মতে, গাঁওখনৰ মতলেব আলী নামৰ লোকজনৰ সৈতে দীৰ্ঘদিনৰ পৰা তেওঁৰে ভতিজাক জাকিৰ হুছেইনৰ মাটি-বাৰীক লৈ সংঘাত চলি আহিছিল | বৃহস্পতিবাৰে এই সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰে | মতলেব আলী পক্ষৰ এটি ঘৰ জাকিৰ হুছেইন পক্ষৰ লোকে বলপূৰ্বক ভাঙি দিয়াত মতলেব পক্ষৰ কেইবাজন লোকে বাধা দিয়ে |
অভিযোগ মতে, জাকিৰ হুছেইনৰ উচটনিতে তেওঁলোকক দা, লাঠি, ডেগাৰ আদিৰে আক্ৰমণ কৰে । এই আক্ৰমণত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয়। পিছত আহতসকলক ততাতৈয়াকৈ নগৰবেৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও ইয়াৰে ফাৰুক আব্দিন (৩০), আবুল কালাম (৪৫), আবুল কাশেম, মালেক আলী আৰু ছামচুল হকক জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় | এই প্ৰচণ্ড মাৰপিটক লৈ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰে|
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস