নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী পীয়ূষ হাজৰিকাৰ মহানুভৱতাঃ দুর্ঘটনাত আহতক নিজ বাহনেৰে চিকিৎসালয়লৈ প্রেৰণৰ ব্যৱস্থা

নিয়মীয়া বাৰ্তা,২৫ জানুৱাৰী:   নিজৰ কর্ম ব্যস্ততাৰ মাজতো ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই দুর্ঘটনাত পতিত হৈ আহত লোকক ঘটনাস্থলীত উপস্থিত হৈ খবৰ লোৱাই নহয়, ব্যক্তিগত বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্রেৰণৰ মহানুভৱতা প্রদর্শন কৰিছে৷ এই ঘটনা মৰিগাঁৱৰ৷ মঙলবাৰে মৰিগাঁৱত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক বৈঠক অনুষ্ঠিত হয়৷ মন্ত্রী হাজৰিকা উক্ত বৈঠকত ব্যস্ত থকাৰ মাজতেই চহৰখনত এটা পথ দুর্ঘটনা সংঘটিত হয়৷ দুখন বাহনৰ মাজত সেই দুর্ঘটনাটো সংঘটিত হয়৷ কার্যনির্বাহক সভাত ব্যস্ত থকাৰ মাজতো মন্ত্রী হাজৰিকা দুর্ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হৈ আহতসকলৰ খবৰ লোৱাৰ লগতে মন্ত্রী হাজৰিকাৰ তৎপৰতাতেই ততাতৈয়াকৈ দুর্ঘটনাগ্রস্ত আহত লোকসকলক তেওঁৰ ব্যক্তিগত বাহন আৰু কনভয়ৰ বাহনত উঠাই চিকিৎসালয়লৈ প্রেৰণ কৰে৷ মন্ত্রী হাজৰিকাৰ এই তৎপৰতা আৰু মহানুভৱতাৰ শলাগ লৈছে সেই সময়ত ঘটনাস্থলীত উপস্থিত থকা ৰাইজৰ লগতে অঞ্চলবাসীয়ে৷

You might also like