নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৰস্বতী পূজাত স্কুল বন্ধ দিলে ৭৫১নং সোণাখুলি প্ৰাথমিক বিদ্যালয় কৰ্তৃপক্ষই

সৰস্বতী পূজাৰ দিনটোত বাগদেৱীৰ বন্দনাৰে মুখৰিত হয় ৰাজ্যৰ স্কুল-কলেজ। ইয়াৰ বিপৰীতে  ধুবুৰী জিলাৰ আগমনি শিক্ষাখণ্ডৰ অন্তৰ্গত এখন শিক্ষানুষ্ঠানত দেখা গ’ল এক অন্য দৃশ্য। ৭৫১নং সোণাখুলি প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত নহ’ল সৰস্বতী পূজা।

অভিযোগ অনুসৰি, সৰস্বতী পূজা অনুষ্ঠিত কৰা দূৰৈৰ কথা, স্কুল বন্ধ পৰ্যন্ত দিলে বিদ্যালয় কৰ্তৃপক্ষই। ফলত প্ৰায় ১৮০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ শিক্ষানুষ্ঠানৰ ঠাইত আন আন বিদ্যালয়লৈ গৈ ল’বলগীয়া হয় বাগদেৱীৰ আশিস।

৭৫১নং সোণাখুলি প্ৰাথমিক বিদ্যালয়ৰ এই কৰ্মকাণ্ডক লৈ ক্ষোভিত হৈ পৰা দেখা গৈছে বহু অভিভাৱক। আনকি, বিদ্যালয়খনত নিয়োজিত শিক্ষককেইগৰাকীয়ে বিদ্যালয়ত পাঠদানৰ সময়ত নিজৰ খুচি মতেহে বিদ্যালয়ত উপস্থিত হোৱাৰো অভিযোগ উত্থাপন হৈছে। আনকি, বিগত প্ৰায় তিনি মাহৰ পৰা বিদ্যালয়খনত মধ্যাহ্ন ভোজন প্ৰদান নকৰাৰো অভিযোগ কৰিছে একাংশই।

ইয়াৰ মাজতে সংখ্যালঘু সম্প্রদায়ৰ পঢ়ুৱৈৰ সংখ্যা বেছি থকা বাবেই এইবেলি বিদ্যালয়খনত সৰস্বতী পূজা অনুষ্ঠিত কৰা নহ’ল নেকি বুলিও চৰ্চা হৈছে। বিদ্যালয়খনত চলি থকা বেমেজালি তথা অনিয়মবোৰ বন্ধ কৰাৰ বাবে অভিভাৱকসকলে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৩ জানুৱাৰী :

You might also like