নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বামুণপুখুৰী চাহ বাগিচাৰ অ’এনজিচিৰ পুৰণি তৈল ক্ষেত্রত অগ্নিসংযোগ দুষ্কৃতিকাৰীৰ

উজনি অসমত সক্ৰিয় কুখ্যাত তেল চোৰ চক্ৰ। খাৰুৱা তেলৰ চোৰাং বেহা চলাবলৈ চক্ৰটোৱে লক্ষ্য কৰি লৈছে উজনিৰ চাহ বাগিচা অঞ্চলসমূহৰ অ’ এন জি চিয়ে এৰি যোৱা যিকোনো তৈল খাদৰ গোপন স্থানসমূহ । বিশেষকৈ নিগমৰ তৈল পথাৰসমূহত সুৰক্ষা কৰ্মী নথকাৰ সুযোগতে সক্ৰিয় হৈ পৰিছে কুখ্যাত তেল চোৰ চক্ৰ।

নাজিৰা সমজিলাৰ অন্তৰ্গত বামুণপুখুৰী চাহ বাগিচাৰ অ’ এন জি চিৰ পুৰণি তৈল পথাৰত যোৱানিশা অগ্নিসংযোগ কৰে দুষ্কৃতিকাৰীয়ে। নিগমৰ তৈল পথাৰত সুৰক্ষা কৰ্মীৰ অভাৱতে এনে ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হবলৈ ধৰিছে । দ্বিতীয় বাঘজানৰ ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটো। ঘটনাস্থলীত নাজিৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ক্ৰমাৎ ১৫ আৰু ১৬ নং চেক্টৰত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীৰ পৰা কিছু নিলগতে আছে ঘন জনবসতিপূৰ্ণ এলেকা । বাগিচাখনৰ শ্ৰমিকসকলৰ বৃহৎ আৱাসিক এলেকা ঘটনাস্থলীৰ পৰা কিছু নিলগতে অৱস্থিত । দুষ্কৃতিকাৰীয়ে তেল চুৰি নে আন কিবা উদ্দেশ্যত এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বৰ্তমানলৈকে কোনো তথ্য পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে এই অনাকাংক্ষিত ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিলাখনৰ কেইবাটাও প্ৰান্তত এনে ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হোৱা আৰু দুষ্কৃতিকাৰীয়ে বিশেষকৈ চাহ বাগিচা অঞ্চলসমূহত অ’ এন জি চিয়ে এৰি যোৱা যিকোনো তৈলখাদৰ গোপন স্থানসমূহৰ পৰা চোৰাং তেল সৰবৰাহৰ সন্দেহ প্ৰকাশ কৰি অভিযোগ তোলে স্থানীয় ৰাইজে ।

নিয়মীয়া বাৰ্তা, গেলেকী, ২৪ জানুৱাৰী :
You might also like