নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰত সাহিত্য সূৰ্য লুম্মেৰ দাইৰ ৮৪সংখ্যক জন্ম দিৱস

বাৰ্তা ব্যুৰ, ১ জুন : তেজপুৰৰ লুম্মেৰ দাই ভৱনত স্বেচ্ছাসেৱী অনুষ্ঠান “জনবিদ্যাপীঠ”ৰ সভাকক্ষত আজি  তেজপুৰৰ অৰুণাচল চৰকাৰৰ অৱসৰী কৰ্মচাৰী সন্থাৰ সহযোগত সাহিত্য সূৰ্য লুম্মেৰ দাইৰ ৮৪ সংখ্যক জন্ম দিৱস পালন কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে লুম্মেৰ দাইৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুস্পাঞ্জলি প্ৰদান কৰে ক্ৰমে শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড. ভূপেন শইকীয়া, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামী, অৰুণাচল পেঞ্চনাৰ সন্থাৰ সভাপতি দিলীপ কুমাৰ বৰা, সম্পাদক চিত্তদেৱ শৰ্মা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱা আদিয়ে। ইয়াৰ পিছতেই “জনবিদ্যাপীঠ”ৰ সভাপতি, প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় বিশেষ স্মৃতিচাৰণ সভা। এই সভাত লুম্মেৰ দাইৰ জীৱন, সৃষ্টি আদিৰ ওপৰত ভাষণ প্ৰদান কৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট সাহিত্যিক ড০ ভূপেন শইকীয়াই ভাষণ প্ৰদান কৰি কয়- ১৯৪০ খ্ৰীষ্টাব্দৰ পহিলা জুনৰ দিনটোত অৰুণাচল প্ৰদেশৰ টিমুক গাঁৱত জন্মগ্ৰহণ কৰা লুম্মেৰ দাই আছিল সেই গাঁৱৰ বিদ্যালয় গৰকা প্ৰথমগৰাকী ছাত্ৰ । ১৯৬০ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰা লুম্মেৰ দাইয়ে সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অনুপ্ৰেৰণাত সাহিত্য কৰ্মত হাত দি “নতুন অসমীয়া”, “ৰামধেনু” আৰু “নৱযুগ” ত চুটি গল্প, প্ৰবন্ধ আদি প্ৰকাশ কৰিছিল। কলেজীয়া ছাত্ৰ অৱস্থাতে প্ৰথমখন উপন্যাস “পাহাৰৰ শিলে শিলে” ৰচনা কৰি প্ৰকাশ কৰিছিল । ১৯৬৩ চনত গাইৰ অনুপম সৃষ্টি “পৃথিৱীৰ হাঁহি” প্ৰকাশ পোৱাৰ পিছত দাইৰ খ্যাতি বৌদ্ধিক মহলত বিয়পি পৰিছিল। এইখন গ্ৰন্থৰ বাবে অসম প্ৰকাশন পৰিষদৰ বঁটাও লাভ কৰিছিল বুলি কৈ ড০ শইকীয়াই তেওঁৰ অন্যান্য ৰচনাসমূহৰ ওপৰত বিশ্লেষণাত্মক মন্তব্য আগবঢ়াই অৰুণাচল প্ৰদেশৰ প্ৰথম প্ৰজন্মৰ সাহিত্যিক দাইয়ে “ইক’ অৱ অৰুণাচল” শীৰ্ষক সংবাদ পত্ৰ সম্পাদনাৰে অৰুণাচল প্ৰদেশত এক নতুন যুগৰ সূচনা কৰিছিল বুলি মন্তব্য কৰে। অকল সাহিত্য ক্ষেত্ৰতে নহয়, অৰুণাচল প্ৰদেশৰ সংবাদ ক্ষেত্ৰখনৰো বাটকটীয়া দাই চৰকাৰৰ এগৰাকী দক্ষ জনসংযোগ বিষয়া আছিল বুলি কৈ লুম্মেৰ দাইয়ে অসমীয়া ভাষাতো সাহিত্য সৃষ্টি কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সমন্বয়ৰ সাতামপুৰুষীয়া সম্প্ৰীতি গঢ়ি তুলিছিল বুলি মন্তব্য কৰি সেয়েহে অসম সাহিত্য সভাই ২০১৬ চনৰ পৰা এইগৰাকী সাহিত্যিকক সন্মান জনাই “অসম সাহিত্য সভাৰ লুম্মেৰ দাই বঁটা” প্ৰদান কৰি আহিছে বুলি কয় । অনুষ্ঠানটিত অৰুণাচলী পেন্সনাৰ সন্থাৰ সম্পাদক চিত্তদেৱ শৰ্মা, শিশু সাহিত্যিক দিলীপ কুমাৰ বৰৱা, নবীন চন্দ্ৰ লহকৰ আদিয়েও সাহিত্যিকগৰাকীৰ স্মৃতিচাৰণ কৰাৰ লগতে সভাপতিৰ আসনৰ পৰা প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে তেজপুৰত লুম্মেৰ দাই ভৱন নিৰ্মাণৰ  ইতিহাস সদৰী কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সমন্বয় আৰু ভাতৃত্ববোধৰ ভেটি গঢ়ি তোলা প্ৰথমগৰাকী ব্যক্তিয়েই লুম্মেৰ দাই আছিল বুলি মন্তব্য কৰে।
প্ৰেৰক পুলক ডেকা
You might also like