নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত মেটেকা আমগুৰি গাঁৱৰ দিহিং থান পথ নিবাসী আচিফ আলী নামৰ এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ সন্ধানহীন হৈ থকা ঘটনাই সমগ্ৰ জিলাখনতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মেটেকা আমগুৰি গাঁৱৰ দিহিং থান পথৰ মথাউৰি কাষৰ ফৰিদ আলীৰ পুত্ৰ আচিফ আলী শনিবাৰৰ পুৱতি নিশাৰ পৰা সন্ধানহীন হোৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ ইতিমধ্যে পৰিয়ালৰ লোকে জয়সাগৰ আৰক্ষী চকীত সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷ জানিব পৰা মতে, মেটেকা শ্ৰীমন্ত শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰজন শনিবাৰৰ পুৱতি নিশা তিনি মান বজাত এখন বাইচাইকেলসহ শোৱাপাটীৰ পৰাই সন্ধানহীন হৈছিল ৷ পৰিয়ালৰ লোকে পুৱাৰ ভাগত আচিফ আলীক শোৱাপাটীত নেদেখি বিভিন্ন স্থানত বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰিলে ৷ লগে লগেই পৰিয়ালটোৱে স্থানীয় গাঁওৰক্ষী বাহিনী- আমগুৰি যুৱ জামাতক এই সন্দৰ্ভত অৱগত কৰি কালি দুপৰীয়া জয়সাগৰ আৰক্ষী চকীত এখন লিখিত অভিযোগ দাখিল কৰে৷ উল্লেখ্য যে বিগত ত্ৰিশ জুনত আমগুৰি ঘাট অঞ্চলৰ পৰা সন্ধানহীন হোৱা মৰ্জিনা বেগম নামৰ মেধাৱী ছাত্ৰীগৰাকীৰ সন্ধান আজি পৰ্য্যন্ত ওলোৱা নাই৷ ইফালে, মিঠা বৰণীয়া আচিফ আলী নামৰ ছাত্ৰজনৰ কিবা সন্ধান লাভ কৰিলে জয়সাগৰ আৰক্ষী চকী অথবা ৭০০২৭০৬৩৫৪ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকৰ লগতে আমগুৰি যুৱ জামাতে ৰাইজলৈ আহ্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like