নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামাৰ শাসন কালত বিটিচিত ৯০ কোটিৰ বিয়াগোম কেলেংকাৰি

চিবিআই তদন্ত দাবীৰে ৰাজ্যপালক ইউপিপিএলৰ স্মাৰক–পত্র প্রদান

নিয়মীয়া বাৰ্তা, ১৬ মে’ : বি পি এফৰ বিগত ১৭ বছৰীয়া শাসনকালত বিটিচিত সংঘটিত ব্যাপক দুর্নীতি–নিয়মক লৈ সৰৱ হৈ পৰিছে ইউনাইটেড পিপলছ পার্টী লিবাৰেল (ইউ পি পি এল) ৷ সম্প্রতি ৰাজ্যপালৰ শাসন চলি থকা বিটিচিত বি পি এফৰ আমোলত হোৱা ৯০ কোটিৰো অধিক টকাৰ দুটা কেলেংকাৰি শেহতীয়াকৈ ইউ পি পি এলে তথ্যসহ উদঙাই দিছে ৷ অকল উদঙাই দিয়াই নহয়, এই সন্দর্ভত চি বি আই তদন্তৰ দাবী তুলি ইতিমধ্যে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক এখন স্মাৰক–পত্রও দাখিল কৰিছে বড়োভূমিৰ অন্যতম ৰাজনৈতিক দলটোৱে ৷ ইউ পি পি এলৰ তথ্য–প্রযুক্তি বিভাগৰ সম্পাদক কমল আজাদ স্বাক্ষৰিত স্মাৰক–পত্রখনত উল্লেখ কৰা মতে, বিটিচিত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত ১৫ কোটি টকাৰ ঠিকা আবণ্টনত চূড়ান্ত অনিয়ম সংঘটিত হৈছিল ৷ কোনোধৰণৰ নিবিদা জাননী প্রকাশ নকৰাকৈ বিটিচিৰ তদানীন্তন মুখ্য কার্যবাহী সদস্য (চি ই এম) হাগ্রামা মহিলাৰীয়ে মহম্মদ আফতাব উদ্দিন শ্বেইখ নামৰ ঠিকাদাৰজনে এই ঠিকা পোৱাৰ ক্ষেত্রত হস্তক্ষেপ কৰিছিল ৷ আনকি নীতি–নিয়ম সম্পূর্ণৰূপে জলাঞ্জলি দি বিগত ২০১৮ চনৰ ১৫ মার্চত মহিলাৰীয়ে বিটিচিৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সঞ্চালকলৈ প্রেৰণ কৰিছিল এখন পত্র ৷ য’ত হিতাধিকাৰীৰ বাবে মহেন্দ্র দত্তৰ ছাতি আৰু সূতা ক্রয়ৰ ১৫ কোটি টকাৰ ঠিকা মহম্মদ আফতাব উদ্দিন শ্বেইখক দিবলৈ কোৱা হৈছিল ৷

সেইদৰে ৰাষ্ট্রীয় খাদ্য সুৰক্ষাৰ অধীনত বিতৰণ কৰা খাদ্য–সমগ্রীৰ বাবদ সমবায় সমিতিসমূহে পৰিবহণ আৰু কমিছনৰ বিলৰ বাবদ পাবলগীয়া ধন আদায় দিয়াৰ ক্ষেত্রতো বৃহৎ অনিয়ম হোৱাৰ অভিযোগ তোলা হৈছে৷ স্মাৰক–পত্রখনত উল্লেখ কৰা মতে, ১০৪খন গাঁও পঞ্চায়ত সমিতিৰ উমৈহতীয়া মঞ্চ সদৌ বি টি এ ডি গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডে বিগত ৪২ মাহ (চাৰে তিনি বছৰ) ধৰি পৰিবহণ আৰু কমিছনৰ ধন পোৱা নাই৷ বকেয়া এই ধনৰাশিৰ পৰিমাণ ৭৫,৩১,৭৫,৯৭২ টকা ৷ ইয়াৰে ৩৬,৮০,৮৬,৯৮২ টকা পৰিবহণ ব্যয় আৰু বাকী ৩৮,৫০,৮৮,৯৯০ টকা হৈছে কমিছন ৷ বিটিচিৰ সমবায় বিভাগত সংঘটিত এই বিয়াগোম দুর্নীতিত বি পি এফৰ একাংশ নির্বাচিত জনপ্রতিনিধি আৰু চৰকাৰী বিষয়া–কর্মচাৰী জড়িত থকাৰ অভিযোগ তুলিছে ইউ পি পি এলে ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল কার্যকাল উকলি যোৱাৰ পূর্বে অতি শেহতীয়াকৈ স্বাস্থ্য, পৰিবহণ, সমাজ কল্যাণ, গড়কাপ্টানী আৰু জলসিঞ্চনকে ধৰি বিটিচিৰ কেতবোৰ বিভাগত প্রায় ২,০০০ ফিক্সড পদত নিযুক্তি সম্পন্ন হৈছিল ৷ কিন্তু এই নিযুক্তি প্রক্রিয়াৰ বিপৰীতে সংবাদ–পত্রত প্রকাশ কৰা হোৱা নাছিল কোনো বিজ্ঞাপন৷ আনকি প্রার্থী বাছনিৰ কাৰণে সাক্ষাৎকাৰো অনুষ্ঠিত কৰা নাছিল৷ তেনেকৈয়ে চৰকাৰী বিধিক ভৰিৰে মোহাৰি নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হয় ৷ নিযুক্তি দিয়া একো একোটা পদৰ বিপৰীতে সংশ্লিষ্ট প্রার্থীৰ পৰা ২ লাখ বা তাতকৈও অধিক ধন সংগ্রহ কৰাৰ অভিযোগ উঠিছে ৷

এই প্রসংগত ইউ পি পি এলৰ নেতা কমল আজাদে স্মাৰক–পত্রখনত উল্লেখ কৰিছে যে বিটিচি নির্বাচনক লক্ষ্য হিচাপে লৈয়ে এই নিযুক্তি প্রক্রিয়া সম্পন্ন কৰা হৈছিল ৷ তদুপৰি বেকডেটত নিযুক্তি–পত্রত স্বাক্ষৰ কৰাৰো সন্দেহৰ অৱকাশ আছে ৷ কিয়নো বিটিচি নির্বাচনৰ অধিসূচনা জাৰি হৈছিল ১১ মার্চত আৰু নিযুক্তি–পত্রৰ স্বাক্ষৰৰ তাৰিখ উল্লেখ আছে ৭ মার্চ৷ সঠিক আৰু উপযুক্ত তদন্তত নিযুক্তিৰ সমগ্র অনিয়ম পোহৰলৈ আহিব৷ ‘কেগ’ৰ প্রতিবেদনত বিটিচিত সংঘটিত দুর্নীতিৰ তথ্য ইতিপূর্বে পোহৰলৈ অহাৰ কথাও স্মাৰক–পত্রখনত উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে ২০০৮–০৯ৰ পৰা ২০১৩–১৪ বিত্তীয় বর্ষলৈ ‘কেগ’ৰ প্রতিবেদনত বার্ষিক ৰাজহ প্রাপ্তি আদিত অনিয়ম হোৱাৰ কথা উল্লেখ কৰিছিল ৷ সেইদৰে ৰাজ্যপালৰ প্রয়োজনীয় সন্মতি অবিহনে বিটিচিত লটাৰীৰ প্রচলন কৰা হৈছিল ৷ এই সন্দর্ভত ‘কেগ’ৰ প্রতিবেদনত কোৱা হৈছিল যে বড়োলেণ্ড লটাৰী প্রধানতঃ নিয়ন্ত্রণ কৰিছিল ডিষ্ট্রিবিউটৰসমূহে ৷ ডিষ্ট্রিবিউটৰসকলৰ্ পৰা প্রাপ্ত তথ্যৰ পৰা হিচাপত স্পষ্ট হৈছিল যে ২০১৩–১৪ৰ পৰা ২০১৪–১৫ৰ সময়ছোৱাত সর্বমুঠ বিক্রীৰ পৰিমাণ আছিল ২৪৯.৯০ কোটি টকা ৷

কিন্তু ডিষ্ট্রিবিউটৰসকলে মিনিমাম গেৰাণ্টেড ৰিভিনিউ (এম জি আৰ) হিচাপে ৩.৭২ শতাংশ হাৰে ৯.৩১ কোটি টকাহে জমা দিয়ে৷ য’ত ডিষ্ট্রিবিউটৰৰ লাভৰ পৰিমাণ আছিল ২৮.২ কোটি৷ যিটো শতাংশৰ হিচাপত ১১.২৮ ৷ ‘অনলাইন’ আৰু ‘পেপাৰ’ কিমানবাৰ লটাৰী হৈছিল, তাৰ কোনো হিচাপ বিটিচিৰ তৰফৰ পৰা নৰখা বিষয়টো উল্লেখ কৰিছিল ‘কেগ’–এ৷ ইফালে, চতুর্দশ বিত্ত আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে আগবঢ়োৱা পুঁজিও হৰলুকী হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে৷ এই সম্পর্কত ৰাজ্যপালক প্রদান কৰা স্মাৰক–পত্রখন ইউ পি পি এলে উল্লেখ কৰিছে যে বিটিচি নির্বাচনৰ অধিসূচনা জাৰিৰ পূর্বে ৰাজ্য চৰকাৰে পৰিষদীয় চৰকাৰক ১২০ কোটি টকাৰ পুঁজি মোকলাই দিছিল৷ এই পুঁজিৰ দ্বাৰা বিটিচিত নতুন আঁচনি ৰূপায়ণ কৰিব লাগিছিল৷ কিন্তু তাকে নকৰি ইয়াৰে ৮০ কোটি টকা বকেয়া আদায়ত ব্যয় কৰে৷ যাৰ দ্বাৰা চতুর্দশ বিত্তীয় আঁচনিৰ গাইড লাইন সম্পূর্ণৰূপে উলংঘা কৰা হৈছে৷ বাকী ৪০ কোটি টকা বর্তমান ক’ত কেনেদৰে কি পর্যায়ত আছে, সেই বিষয়ে জনা নাযায়৷ শাসকীয় বি পি এফৰ নেতা আৰু চৰকাৰী বিষয়া–কর্মচাৰী জড়িত থকা এই সমস্ত দুর্নীতিৰ তথ্য পোহৰলৈ অনাৰ স্বার্থত ইয়াৰ শীঘ্রে চি বি আই তদন্তৰ ব্যৱস্থা কৰিবলৈ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক দাবী জনায় ইউ পি পি এলে ৷

You might also like