নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লণ্ডনত দুমাহে দুঃসহ দুঃসময় পাৰ কৰিছে ৩৮ অসমীয়াই

কেন্দ্রৰ ‘বন্দে ভাৰত মিছনে’ ঢুকি নাপালে অসমক

নিয়মীয়া বাৰ্তা, ১৬ মে’ : বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে ‘বন্দে ভাৰত মিছন’ শীর্ষক এক অভিলাষী অভিযান৷ কাইলৈৰ পৰা আৰম্ভ হ’ব বন্দে ভাৰত মিছনৰ দ্বিতীয় অধ্যায়৷ য’ত ৩২ হাজাৰগৰাকী ভাৰতীয় নাগৰিকক নিজৰ দেশলৈ ঘূৰাই অনাৰ পৰিকল্পনা লোৱা হৈছে ৷ ইয়াৰ পূর্বে বন্দে ভাৰত মিছনৰ প্রথম পর্বত ৫৬খন বিমানযোগে ১২ হাজাৰ ভাৰতীয়ক ওভতাই অনা হৈছে ৷ কিন্তু পৰিতাপৰ বিষয়টো হ’ল ভাৰত চৰকাৰৰ এই বিশাল উদ্ধাৰ অভিযনে এতিয়াও  ঢুকি পাবলৈ সক্ষম হোৱা নাই বিদেশত আবদ্ধ বহু অসমীয়াক ৷ ইণ্ডিয়ান এম্বেছীৰ লগত বাৰম্বাৰ যোগাযোগ কৰিও কোনো প্রত্যুত্তৰ লাভ নকৰি তেওঁলোকে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তেই অসম চৰকাৰক যাৱতীয় ব্যৱস্থা গ্রহণৰ বাবে কৰযোৰে অনুৰোধ জনাইছে ৷ প্রাপ্ত তথ্য অনুসৰি, অধ্যয়ন বা চাকৰিৰ তাগিদাত লণ্ডনলৈ যোৱা ৩৮গৰাকী অসমৰ যুৱক–যুৱতী এতিয়া চহৰখনত আবদ্ধ হৈ পৰিছে ৷ তেওঁলোকৰ হাতৰ ধন শেষ হৈ আহিছে, চাকৰিৰ ম্যাদো উকলি গৈছে ৷ নিজৰ মাতৃভূমিলৈ উভতি অহাৰ বাহিৰে তেওঁলোকৰ হাতত অন্য কোনো বিকল্প নাই ৷ কিন্তু উভতি অহাৰ পথ বিচাৰি হাবাথুৰি খাইছে এইসকল অসম সন্তানে ৷

লণ্ডনত আবদ্ধ হৈ পৰা নলবাৰীৰ দীঘেলী গাঁৱৰ ৰূপস্মিতা শর্মাৰ জ্যেষ্ঠ ভগ্নীয়ে ‘নিয়মীয়া বার্তা’ক জনোৱা মতে, ৰূপাস্মিতা নিউ কেছেল ইউনিভার্ছিটীত অভিযান্ত্রিক পৰিৱেশ বিজ্ঞান বিষয় অধ্যয়নৰ বাবে লণ্ডনলৈ গৈছিল ৷ যোৱা অক্টোবৰ মাহত তেওঁৰ পাঠ্যক্রম সমাপ্ত হয় ৷ তাৰ পাছত বিশ্ববিদ্যালয়খনৰ কর্তৃপক্ষৰ পৰামর্শ অনুসৰি এটা কোম্পানীৰ অংশকালীন চাকৰিত যোগদান কৰে ৷ নৱেম্বৰৰ পৰা ফেব্রুৱাৰী মাহলৈ আছিল চাকৰিৰ ম্যাদ৷ মার্চত তেওঁ অসমলৈ উভতি অহাৰ কথা ৷ সেই মতে মার্চৰ ২৫ তাৰিখে বিমানৰ টিকটো কৰে ৷ কিন্তু তাৰ পূর্বেই সমগ্র বিশ্বত ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰে আৰু ভাৰতলৈ সকলো আন্তঃৰাষ্ট্রীয় বিমানৰ চলাচল বন্ধ কৰি দিয়া হয় ৷ ফলত লণ্ডনত আবদ্ধ হৈ পৰে নলবাৰীৰ ৰূপস্মিতা ৷ প্রশাসনে তেওঁৰ ভিছাৰ ম্যাদ ৩১ মে’লৈকে বৃদ্ধি কৰে যদিও ভাৰাঘৰত থকাৰ ক্ষেত্রত সৃষ্টি হয় নতুন সমস্যা ৷ কিয়নো লণ্ডনৰ দৰে চহৰত ভাৰাঘৰৰ বাবে দীঘলীয়া সময়ৰ কাৰণে চুক্তিবদ্ধ হ’বলগীয়া হয়৷ ভাৰাও বহুত ৷

অৱশেষত যেনিবা লণ্ডনৰ ভাৰতীয় পৰিয়াল এটাই কম দামত কম দিনৰ বাবে ভাৰাঘৰ এটা দিবলৈ সন্মত হয় ৷ কিন্তু তাতো উদ্ভৱ হয় আন এক গুৰুতৰ সমস্যাৰ ৷ ৰূপস্মিতাৰ হাতত এতিয়া কোনো কর্মসংস্থাপন নাই ৷ যাৰ বাবে প্রচণ্ড আর্থিক অনাটনৰ সন্মুখীন হৈছে ৷ অসম চৰকাৰে ঘোষণা কৰা আর্থিক সাহায্যও এতিয়ালৈকে লাভ নকৰিলে ৷ যিমান পাৰি সিমান সোনকালে অসমলৈ উভতি আহিবৰ বাবে উদগ্রীৱ হৈ পৰিছে অধ্যয়নৰ বাবে লণ্ডনলৈ যোৱা যুৱতীগৰাকী ৷ তাৰ মাজতে কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা ‘বন্দে ভাৰত মিছনে’ কঢ়িয়াই আনে নতুন আশা ৷ চৰকাৰী নির্দেশনা অনুসৰি তেওঁ ইণ্ডিয়ান এম্বেছীত প্রথম পর্যায়তে নিজৰ নাম পঞ্জীয়ন কৰে ৷ কোৱা হৈছিল যে পঞ্জীয়ন কৰাৰ পাছত এম্বেছীয়ে নিজে যোগাযোগ কৰিব আৰু যাত্রাৰ বিষয়ে সবিশেষ জনাব ৷ কিন্তু দিনৰ পাছত দিন অপেক্ষা কৰাৰ পাছতো ইণ্ডিয়ান এম্বেছীৰ পৰা নাহিল কোনো ফোনকল বা মেইল ৷ হাই কমিছনলৈ বাৰে বাৰে মেইল প্রেৰণ কৰিও কোনো প্রত্যুত্তৰ লাভ কৰা নাই ৷ ঘৰৰ পৰা বহু দূৰৈত দুঃসহ দুঃসময় পাৰ কৰা ৰূপস্মিতাৰ লগতে অসমৰ আন ৩৮গৰাকী যুৱক–যুৱতীয়ে এতিয়া চৰকাৰৰ সামান্য সঁহাৰিলৈ আগ্রহেৰে অপেক্ষা কৰিছে ৷

গুৰুত্বপূর্ণ কথাটো হ’ল– বন্দে ভাৰত মিছনৰ অধীনত দেশৰ যিসমূহ বিমানবন্দৰলৈ যাত্রী কঢ়িওৱা হৈছে, তাত অসমৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ কোনো উল্লেখ নাই ৷ এতিয়া যদিহে বহিঃৰাষ্ট্রত আবদ্ধ অসমীয়া লোকসকল দিল্লী বা ভাৰতৰ আন ঠাইলৈ আহিবলৈ সক্ষমো হয়, তেনেহ’লে তেওঁলোক ভাৰতৰ আন কোনো ৰাজ্যত পুনৰ আবদ্ধ হৈ পৰিব ৷ এনে পৰিস্থিতিত বিদেশত আবদ্ধ অসমীয়াসকলক উদ্ধাৰ কৰিবলৈ অসম চৰকাৰক এটা সুব্যৱস্থা কৰাৰ বাবে আবেদন জনাইছে লণ্ডনত বন্দী হৈ পৰা অসমীয়া যুৱক–যুৱতীসকলে ৷

You might also like