নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯২ কোটি টকাৰে আৰম্ভ হ’ব হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণকাৰ্য

দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসীৰ বাবে এটা অতি সুখবৰ। অৱশেষত অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। জিলাখনৰ যাতায়াত ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ হাটশিঙিমাৰী-মানকাচৰ পথৰ নিৰ্মাণকাৰ্য অতি সোনকালে আৰম্ভ হ’বলৈ গৈ আছে। ৰাজ্য চৰকাৰে ‘অসম মালা’ আঁচনিৰ অধীনত এই ২৫ কিলোমিটাৰ পথছোৱাৰ বাবে আবণ্টন দিছে ৯২ কোটি টকা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ লাইফ লাইনস্বৰূপ হাটশিঙিমাৰী-মানকাচৰ পথেৰে ২৫ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ যাত্ৰীৰ প্ৰয়োজন হয় প্ৰায় ৩ ঘণ্টা সময়। বছৰ বছৰ ধৰি যাত্ৰী তথা চালকসকলে নৰক যন্ত্ৰণা ভোগ কৰি অহা এই পথছোৱাক লৈ অৱশেষত চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ।

ৰাজ্য চৰকাৰৰ ‘অসম মালা’ আঁচনিৰ অধীনত ৯২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব হাটশিঙিমাৰীৰ পৰা শিয়ালটাৰীলৈকে এই গুৰুত্বপূৰ্ণ পথছোৱা। ৯২ কোটিটকীয়া এই প্ৰকল্পই জিলাখনৰ যাতায়াত আৰু বাণিজ্যৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি এতিয়া আশাবাদী জিলাবাসী।

নিয়মীয়া বাৰ্তা, মানকাচৰ, ২ ফেব্ৰুৱাৰী :

You might also like