ভাৰত মহাসাগৰত ড্রেগনৰ জাল ছিৰাছিৰ কৰাৰ লক্ষ্যৰে ‘প্রজেক্ট–৭৫ আই’
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : ভাৰত মহাসাগৰত চীনৰ অগ্রগতি ৰোধ কৰিবলৈ এইবাৰ ঐতিহাসিক চুক্তিৰ ফালে অগ্রসৰ হৈছে প্রতিৰক্ষা মন্ত্রালয়৷ জার্মানীৰ সৈতে হাত মিলাই অত্যাধুনিক ছাবমেৰিন নির্মাণ কৰিবলৈ ওলাইছে ভাৰতে৷ এই প্রকল্পটোৰ নাম ‘প্রজেক্ট–৭৫ আই’৷ ভাৰত–জার্মানী সামৰিক সহযোগিতাৰ মাধ্যমত এই প্রতিৰক্ষা চুক্তিৰ খৰচ হ’ব প্রায় ৭২ হাজাৰ কোটি টকা৷
অনুমান কৰা হৈছে যে অহা মার্চ মাহৰ শেষৰফালে সম্পন্ন হ’ব চুক্তিখন৷ জানিব পৰা মতে, ৯০ দশকৰ শেষৰফালে এই প্রকল্প আৰম্ভ হ’লেও নানা কাৰণত বাৰে বাৰে পিছহুঁহকি আছিল ভাৰত–জার্মানীৰ উক্ত সামৰিক চুক্তি৷ প্রায় দুই দশক ধৰি গেঁঠেলা মাৰি থকাৰ পিছত অৱশেষত চুক্তিৰ পথৰ বাধা সম্পূর্ণ আঁতৰি গৈছে৷
প্রতিৰক্ষা মন্ত্রালয়ৰ সূত্রই জনোৱা মতে, সকলো ঠিকে–থাকে থাকিলে চলিত বছৰৰ মার্চ মাহতেই সম্পন্ন হ’ব চুক্তিখন৷ ইয়াৰ মাধ্যমত জার্মানীৰ টাইপ–২১৪ ডিজাইনৰ অত্যাধুনিক ৬খন ছাবমেৰিন নির্মাণ কৰা হ’ব৷ এই ছাবমেৰিনসমূহ সম্পূর্ণৰূপে নির্মাণ কৰা হ’ব ভাৰততে৷ ইয়াৰ প্রযুক্তি আৰু নক্সা দিব জার্মানীয়ে৷ এই ছাবমেৰিনৰ ৬০ শতাংশই নির্মাণ হ’ব স্বদেশী উপকৰণেৰে৷ যাক মেক ইন ইণ্ডিয়াৰ বাবে বৃহৎ সাফল্য হিচাপে গণ্য কৰা হৈছে৷
পৰিকল্পনা অনুযায়ী ২০৩২ চনৰ ভিতৰত আটাইকেইখন ছাবমেৰিন নৌসেনা বাহিনীৰ হাতলৈ আহিব৷ ছাবমেৰিন নির্মাণৰ সম্পূর্ণ প্রকল্পটোৰ খৰচ হ’ব ৭২ হাজাৰ কোটি টকা৷ এই পর্যন্ত এইখনেই হৈছে ভাৰতৰ সবাতোকৈ বৃহৎ সামৰিক চুক্তি৷ ইয়াৰ পূর্বে দেশৰ বৃহত্তম সামৰিক চুক্তি আছিল ২০১৬ চনত ফ্রান্সৰ সৈতে সম্পন্ন কৰা ৰাফেল বিমান চুক্তি৷ যাৰ খৰচ হৈছিল ৫৮ হাজাৰ কোটি টকা৷ আচলতে বর্তমান ভাৰতীয় নৌসেনাত ছাবমেৰিনৰ সংখ্যা প্রয়োজনৰ তুলনাত কম৷ যিবোৰেৰে এতিয়াও কাম চলাই থকা হৈছে সেইবোৰৰ বেছিভাগেই পুৰণি৷ ফলত সমসাময়িক পৰিস্থিতিৰ সৈতে তাল মিলাই অত্যাধুনিক ছাবমেৰিনৰ দাবী তুলি আহিছিল নৌসেনা বাহিনীয়ে দীর্ঘদিন ধৰি৷
ইতিমধ্যে ভাৰত মহাসাগৰত চীনৰ আগ্রাসন বৃদ্ধি পাইছে৷ আগতকৈও বৃদ্ধি পাইছে ড্রেগনৰ নৌশক্তি৷ এনে পৰিস্থিতিত ভাৰতেও পানীৰ তলত অধিক শক্তিশালী নিৰীক্ষণ তথা আঘাত কৰাৰ ক্ষমতা অর্জন কৰিবলৈ বিচাৰিছে৷ সেইবাবেই জার্মানীৰ সৈতে এই চুক্তি ৷