নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক কেন্দ্ৰীয় অধিৱেশনলৈ মাজত এসপ্তাহ…

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫সংখ্যক বাৰ্ষিক অধিৱেশনলৈ মাজত এসপ্তাহ বাকী। অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগা অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি অন্তিম পৰ্যায়ত।

অধিৱেশনৰ তিনিওটা দিনত লাখ লাখ ভকতক আপ্যায়ন কৰিবৰ বাবে কন্যকা কৃষিপামৰ ফালৰ পৰা ৩৫ হাজাৰ কেজি শাক-পাচলিৰ যোগান ধৰা হ’ব। ইতিমধ্যেই ইয়াৰ বাবে কন্যকা কৃষিপামৰ এক হাজাৰ বিঘা মাটিত কৰা হৈছে আলু, কবি, ৰঙলাউ, বেঙেনা ধৰি বিভিন্ন শাক-পাচলিৰ খেতি।

সমান্তৰালকৈ ৰন্ধনশালত ব্যৱহাৰ কৰিবলৈ প্ৰায় ৮০ ট্ৰাক খৰি সাজু কৰি তোলাৰ লগতে ভোজনালয়ত ভকতসকল বহি খোৱাৰ সুবিধাৰ্থে ৬ হাজাৰখন কাঠৰ তক্টা যোগান ধৰিছে কন্যকা কৃষিপামে৷ তদুপৰি অধিৱেশনৰ বাবে প্ৰয়োজন হোৱা চাউলো যোগান ধৰিব কন্যকাই।

You might also like