বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : দীর্ঘদিনীয়া চর্চাৰ অন্তত অহা ৮ ফেব্রুৱাৰীত ৰাজহুৱা হ’ব গৌৰৱ গগৈৰ পাকিস্তান লিংক৷ মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত গ্রহণ কৰা হ’ল এই সিদ্ধান্ত৷ কেবিনেট মেম’ৰেণ্ডাম হিচাপে ৰাজহুৱা হ’ব এছআইটিয়ে গৌৰৱ গগৈ সন্দর্ভত প্রস্তুত কৰা প্রতিবেদন৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে কেবিনেট সিদ্ধান্ত সদৰী কৰি জানিবলৈ দিয়ে যে আলী তৌকিৰ শ্বেখ নামৰ এজন ব্যক্তি সন্দর্ভত ৰুজু কৰা এটা গোচৰত তদন্ত চলাই এছআইটিয়ে প্রস্তুত কৰিছিল এক প্রতিবেদন৷ উক্ত প্রতিবেদন সন্দর্ভত কেবিনেটত অনানুষ্ঠানিকভাৱে আলোচনা কৰা হয়৷ পাৱাৰ প্রেজেণ্টেচনৰ জৰিয়তে দাঙি ধৰা এই প্রতিবেদন সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– আলী তৌকিৰ শ্বেখ নামৰ ব্যক্তি এজনৰ বিৰুদ্ধে যি গোচৰ ৰুজু হৈছিল, সেই সংক্রান্তত গঠন কৰা এছআইটিৰ ওপৰত অনানুষ্ঠানিক আলোচনা হয়৷
কেবিনেটে গৃহ বিভাগক নির্দেশ দিছে যে ৭ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা কেবিনেট বৈঠকত আনুষ্ঠানিকভাৱে বিষয়টো আনিব লাগে আৰু কালিৰ কেবিনেটে মুখ্যমন্ত্রীক অধিকাৰ দিছে ৮ ফেব্রুৱাৰীৰ দিনৰ ১০.৩০ বজাত সংবাদ মেলৰ জৰিয়তে এছআইটিৰ প্রতিবেদনখন যিমানদূৰ সম্ভৱ, সিমানখিনি ৰাজহুৱা কৰিব লাগে৷ গতিকে ৭ ফেব্রুৱাৰীৰ সন্ধিয়া কেবিনেট বৈঠকত গৃহ–ৰাজনৈতিক বিভাগে এই সন্দর্ভত কেবিনেট মেম’ৰেণ্ডামখন আনিব আৰু ৮ ফেব্রুৱাৰীত ইয়াক ৰাজহুৱা কৰা হ’ব৷
দিছপুৰৰ লোকসেৱা ভৱনত ৮ ফেব্রুৱাৰীত অনুষ্ঠিত সংবাদ মেলত ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠানকো আমন্ত্রণ কৰা হ’ব৷ মুখ্যমন্ত্রীয়ে এই সন্দর্ভত উল্লেখ কৰে যে এছআইটিৰ প্রতিবেদনত আলী তৌকিৰ শ্বেখৰ উপৰি গৌৰৱ গগৈ, তেওঁৰ পত্নী এলিজাবেথ কলবার্ন গগৈৰ পাকিস্তান লিংক পোৱা গৈছে৷ সেয়ে মঙলবাৰৰ কেবিনেটত এই তিনিগৰাকী ব্যক্তিৰ পাকিস্তানৰ সৈতে থকা সম্পর্কৰ অভিযোগৰ প্রমাণ দাঙি ধৰিছে৷ তিনিওজন ব্যক্তিৰ পাকিস্তান লিংক সম্পর্কত এছআইটিয়ে পাৱাৰ প্রেজেণ্টেচনো দাঙি ধৰে কেবিনেটত৷ এই প্রতিবেদন প্রত্যক্ষ কৰি কেবিনেটৰ মন্ত্রীসকল হতচকিত হৈ পৰে৷
উল্লেখ্য যে ২০২৫ চনৰ ১৭ ফেব্রুৱাৰীত অসম কেবিনেটে এজন পাকিস্তানী নাগৰিক আলী তৌকিৰ শ্বেখ আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কার্যকলাপৰ তদন্তৰ বাবে এছআইটি গঠনৰ অনুমোদন দিছিল৷ এছআইটিয়ে বিস্তৃত তদন্তৰ অন্তত আলী তৌকিৰ শ্বেখৰ ভাৰতবিৰোধী কার্যকলাপৰ সৈতে এজন ব্রিটিছ নাগৰিকৰ সম্পর্ক তথা তেওঁৰ কার্যকলাপত জড়িত থকাৰ তথ্য লাভ কৰিছিল৷ তদুপৰি এছআইটিয়ে পাকিস্তান চৰকাৰৰ বৈদেশিক মন্ত্রালয়ে অসমৰ পৰা যোৱা কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ দেশ ভ্রমণৰ সুবিধা কিদৰে কৰিছিল সেই তথ্যও পোহৰলৈ আনিছিল৷
মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে ৭ ফেব্রুৱাৰীত কেবিনেটত আনুষ্ঠানিকভাৱে এছআইটিৰ প্রতিবেদন অহাৰ পিছত ইয়াৰ পৰৱর্তী তদন্ত কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ জৰিয়তে কৰা হ’ব নে, ‘নিয়া’ বা আন তদন্তকাৰী সংস্থাৰ জৰিয়তে কৰা হ’ব তাৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷