নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱাই তিনিচুকীয়াত এএছটিচি বাছ আস্থানত অগ্নিকাণ্ড

বিশেষ বাৰ্তা, ১ জুনঃ আজি পুৱা প্ৰায় ৭ বজাত তিনিচুকীয়াৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত এখন বাছত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়, তাকে লৈ বাছ আস্থানৰ চৌপাশত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱা শীততাপ নিয়ন্ত্ৰিত ডে ছুপাৰ বাছখনৰ নম্বৰ এছ ১২ বিচি ৯৪৪৭ ৷ মোন ট্ৰেভেলছ নামৰ প্ৰতিষ্ঠানটোৰ উক্ত বাছখন পুৱা তিনিচুকীয়াৰ পৰা তেজপুৰ অভিমুখে যাত্ৰা কৰিবলৈ সাজু হৈ থকাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ডটো ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপণ কৰে যদিও ইতিমধ্যে জাহ যায় বাছখনৰ অধিকাংশ ৷ বাছখনত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ এই সন্দৰ্ভত বাছখনৰ এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়া অনুসৰি, পুৱা বাছখন ধুই সাজু কৰি পূজা-পাৰ্বণ কৰাৰ পাছতে বাহিৰত কৰ্মচাৰীসকলে কিবা এটা খাবলৈ বুলি ওলাই যোৱাৰ সময়তে সংঘটিত হয় অগ্নিকাণ্ড।  অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল কোনো তথ্য লাভ কৰা নাই। উল্লেখ্য যে ৰাজ্য চৰকাৰে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৭৭১গৰাকী কৰ্মচাৰীক ভুৱা নিযুক্তি আখ্যা দি বুধবাৰে বৰ্খাস্ত কৰিছিল। তাৰে ভিতৰত তিনিচুকীয়া ডিভিজনৰো ৮৩গৰাকী কৰ্মচাৰী বৰ্খাস্ত কৰাৰ তালিকাত আছে ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কৰ্মচাৰীসকলে পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে আজি ৰাজ্যজুৰি কৰ্মবিৰতি ঘোষণা কৰিছিল অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে।

প্ৰেৰক বিবেক বড়া

You might also like