নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কীটনাশকযুক্ত পাচলিৰ বিৰুদ্ধে চলিব অভিযান

🔹 গুৱাহাটী হাইক’ৰ্টত ৰাজ্য চৰকাৰৰ শপতনামা
🔹 ৰাজ্যজুৰি চবজি বজাৰত ৫ জুনৰ পৰা নামিব অভিযানকাৰী দল

বিশেষ বাৰ্তা, ১ জুনঃ ফর্মেলিনযুক্ত মাছৰ পিছত এইবাৰ পাচলিত কীটনাশক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্য চৰকাৰ ৷ ৫ জুনৰ পৰা ৰাজ্যজুৰি মানৱ শৰীৰৰ বাবে ক্ষতিকৰ ৰাসায়নিক দ্রব্য মিশ্রিত শাক–পাচলিৰ বিৰুদ্ধে অভিযান চলাব কৃষি বিভাগ আৰু খাদ্য সুৰক্ষা বিভাগে ৷ মন কৰিবলগীয়া যে কেঁচা শাক–পাচলিত অত্যধিক কীটনাশক ব্যৱহাৰে স্বাস্থ্যৰ প্রতি নমাই অনা ভাবুকিক লৈ উদ্বিগ্ণ সকলো ৷ নিয়ন্ত্রণহীনভাৱে এনে কীটনাশক দ্রব্য মিহলি হৈ থকাৰ ফলত মানৱ শৰীৰত কর্কট ৰোগ সংক্রমণৰ সম্ভাৱনাও বৃদ্ধি কৰি তুলিছে ৷ আনকি শেহতীয়াকৈ বিশেষজ্ঞ চিকিৎসকে ৰাজ্যৰ ভিন্ন প্রান্তত উৎপাদিত সেউজীয়া শাক–পাচলি শৰীৰৰ উপকাৰ সাধনৰ পৰিৱর্তে বিভিন্ন দুৰাৰোগ্য ৰোগৰ কাৰক হৈ পৰা বুলিহে উদ্বিগ্ণতা প্রকাশ কৰিছিল ৷ বিষয়টোক কেন্দ্র কৰি শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা সীমা ভূঞাই দাখিল কৰিছিল এখন ৰাজহুৱা স্বার্থজড়িত এখন আবেদন ৷ উক্ত আবেদনৰ ওপৰত ভিত্তি কৰিয়েই ন্যায়ালয়ৰ নির্দেশ অনুসৰি ৰাজ্য চৰকাৰে কীটনাশক ব্যৱহাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণৰ সিদ্ধান্ত লৈছে ৷ সেই অনুসৰি অহা ৫ জুনৰ পৰা ৰাজ্যজুৰি পাচলিৰ ওপৰত চৰকাৰে চলাব পৰীক্ষা ৷ অর্থাৎ কেঁচা শাক–পাচলিসমূহত মানৱ শৰীৰৰ অনিষ্ট সাধন কৰিব পৰা কীটনাশক ব্যৱহাৰ কৰিছে নেকি, কিমান পৰিমাণৰ ব্যৱহাৰ হৈছে, সেই সন্দর্ভত বিস্তৃত তথ্য সংগ্রহ কৰা হ’ব ৷ ইয়াৰ বাবে কৃষি বিভাগে ২০০ টেষ্টিং কীট সাজু কৰি তুলিছে ৷ ভাবা এট’মিক ৰিছার্চ চেণ্টাৰে যোগান ধৰা এই টেষ্টিং কিটৰ জৰিয়তে কেঁচা শাক–পাচলিত মানৱ শৰীৰক অনিষ্ট কৰিব পৰা কীটনাশক ব্যৱহাৰ কৰা হৈছে নেকি সঠিক তথ্য সংগ্রহ কৰিব৷ মন কৰিবলগীয়া যে দৰং, বৰপেটা, গোৱালপাৰা আদি কৰি ৰাজ্যৰ কেইবাখনো জিলাত খেতিয়কে উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে ব্যৱহাৰ কৰি আহিছে ব্যাপক হাৰত কীটনাশক দ্রব্য ৷ পোকৰ পৰা হাত সাৰিবলৈ তথা কম সময়ৰ ভিতৰতে পূৰঠ কৰিবলৈ ব্যৱহাৰ কৰা এইধৰণৰ কীটনাশকে কর্কটৰ দৰে দুৰাৰোগ্য ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনাকো আঙুলিয়াইছে বিশেষজ্ঞসকলে ৷ বিষয়টোক লৈ সৃষ্টি হোৱা উদ্বিগ্নতাক আগত লৈয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ইয়াৰ এক পুংখানুপুংখ প্রতিবেদন দাখিলৰ নির্দেশ দিছিল ৷ উক্ত নির্দেশৰ ভিত্তিতে ৰাজ্য চৰকাৰে এক শপতনামাযোগে স্পষ্ট কৰে যে কীটনাশক দ্রব্য মিহলি বিষয়টো পৰীক্ষা কৰাৰ বাবে ভাবা এট’মিক ৰিছার্চ চেণ্টাৰৰ ২০০ টেষ্টিং কিট সাজু কৰি ৰখা হৈছে ৷ এই টেষ্টিং কিটেৰে অহা ৫ জুনৰ পৰা ৰাজ্যখনৰ সর্বত্র অভিযান চলিব ৷ অভিযান কালত কিমান কীটনাশক দ্রব্য মিশ্রিত শাক–পাচলি জব্দ কৰা হ’ল সেয়া ন্যায়ালয়ক অৱগত কৰা হ’ব ৷ মন কৰিবলগীয়া যে কেঁচা শাক–পাচলিত কীটনাশক দ্রব্য ব্যৱহাৰৰ দিশটোক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো কিছুদিন পূর্বে উদ্বিগ্নতা প্রকাশ কৰিছিল ৷ লক্ষণীয়ভাৱে একাংশ কৃষকে সম্পূর্ণ বেপৰোৱাভাৱে বিগত দীর্ঘ সময় ধৰি কেঁচা শাক–পাচলিত কীটনাশক দ্রব্য মিহলি কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও এইক্ষেত্রত কৃষি বিভাগ অথবা জিলা প্রশাসনে গ্রহণ কৰা নাই কোনোধৰণৰ পদক্ষেপ৷ বিশেষকৈ কৃষি বিভাগৰ অজুহাত যে কীটনাশক দ্রব্য পৰীক্ষা কৰাৰ সুবিধা নাই তেওঁলোকৰ ওচৰত৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কৰি এইক্ষেত্রত ফলপ্রসূ পদক্ষেপ লোৱাৰ নির্দেশ দিছিল৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰে ন্যায়ালয়ত দাখিল কৰা শপতনামাযোগে স্পষ্ট কৰি দিয়ে যে পাচলিত ব্যৱহাৰ কৰা কীটনাশক পৰীক্ষাৰ বাবে ইতিমধ্যে ২০০ টেষ্টিং কীট অনা হৈছে আৰু অহা মাহৰ পৰাই ৰাজ্যজুৰি পাচলিৰ ওপৰত চলোৱা হ’ব পৰীক্ষা৷ ইফালে কৃষি বিভাগৰ এক শীর্ষ সূত্রই প্রকাশ কৰা মতে ৰাজ্যৰ বিভিন্ন প্রান্তত উৎপাদন হোৱা পাচলি সর্বাধিক হাৰত আমদানি হয় গুৱাহাটী মহানগৰীলৈ৷ গুৱাহাটীৰ কেইবাখনো বজাৰত উপলব্ধ হোৱা এনে পাচলিত সর্বাধিক হাৰত কীটনাশক দ্রব্য ব্যৱহাৰৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে৷ বিভাগে গুৱাহাটীৰ লগতে দৰং, বৰপেটা, নলবাৰী, নগাঁও, হোজাই আদি জিলাতো ৫ জুনৰ পৰা আৰম্ভ কৰিব পৰীক্ষা৷ উল্লেখযোগ্য দিশটো হ’ল যে কৃষি বিভাগৰ দ্বাৰা অনুমোদিত কীটনাশক দ্রব্য বিক্রী কৰা প্রতিষ্ঠানেও নিয়ন্ত্রণহীনভাৱে কৃষকক এইধৰণৰ দ্রব্য বিক্রী কৰি আহিছে৷ এই বিষয়টোক কেন্দ্র কৰিয়ে শেহতীয়াভাৱে কৃষি বিভাগে ধূপধৰা, টিপলাই, ৰংজুলি, বৰপথাৰ, আগিয়াকে ধৰি বিভিন্ন স্থানত কীটনাশক খুচুৰা বিক্রেটাৰ সৈতে আলোচনাত বহি খেতিয়কক কিমান পৰিমাণৰ আৰু কিধৰণে কীটনাশক বিক্রী কৰে, তাৰ তথ্য সংগ্রহ কৰিছে৷

You might also like