নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰৰ এগৰাকী প্ৰাক্তন সেনা জোৱানৰ মানৱীয় কৰ্ম

ভাৰতীয় স্থলসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত জোৱান তথা বৰ্তমান বেংকৰ সুৰক্ষা বিষয়া হিচাপে কৰ্তব্য সম্পাদন কৰি থকা এগৰাকী ব্যক্তিয়ে নিজৰ চাৰিচকীয়া ব্যক্তিগত বাহনখন লৈ গ্ৰহণ কৰা বিশেষ পদক্ষেপ বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। কৃষ্ণ, জয় গুৰু শংকৰ বুলি বাহনখনৰ আগফালে লিখি লোৱা এই ব্যক্তিগৰাকীয়ে বাহনখনৰ পাছফালে লিখি ৰাখিছে ৰোগীক চিকিৎসালয়লৈ অনা-নিয়াৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়োৱা হৈছে। লগতে দিয়া হৈছে ব্যক্তিগৰাকীৰ যোগাযোগৰ নম্বৰ।

নিজৰ বাহনখনক বিনামূলীয়া এম্বুলেন্স সেৱা হিচাপে আগবঢ়োৱা এই মানৱদৰদী ব্যক্তিগৰাকী হৈছে গহপুৰ সমজিলাৰ দক্ষিণ পহুকটা নিৱাসী পৱন বৰা। ভাৰতীয় স্থলসেনা অৰ্থাৎ ইণ্ডিয়ান আৰ্মীৰ অৱসৰপ্ৰাপ্ত আৰ্মগাৰ্ড তথা বৰ্তমান কানাড়া বেংকৰ সুৰক্ষা বিষয়া পৱন বৰাই মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই উক্ত মানৱতাবাদী পদক্ষেপ আৰম্ভ কৰে। নিজৰ মাতৃ প্ৰয়াত গোলাপী বৰা আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত পৱন বৰাই আৰম্ভ কৰিছে উক্ত মহান কৰ্ম।

কৰ্মসূত্ৰে বেছিভাগ সময় লখিমপুৰ নগৰতে থাকিব লগা হোৱা পৱন বৰাই কানাড়া বেংকৰ লখিমপুৰ শাখা কাৰ্যালয়ত নিজৰ কৰ্তব্য সম্পাদন কৰাৰ পাছত যিকণ আজৰি সময় পায়, সেই সময়তে ৰোগীক বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়োৱাৰ প্ৰয়াস কৰে। দক্ষিণ পহুকটাৰ নিজা গৃহত থকা সময়ত নিজৰ গাঁৱৰ লগতে সমীপৱৰ্তী গাঁৱৰ ৰোগীক চিকিৎসালয়লৈ অনা-নিয়া কৰা পৱন বৰাই লখিমপুৰতহে উক্ত সেৱা বেছিকৈ আগবঢ়াবলৈ সক্ষম হৈছে।

ভাৰতীয় স্থলসেনাৰ অৱসৰপ্ৰাপ্ত জোৱান তথা কানাড়া বেংকৰ এগৰাকী সুৰক্ষা বিষয়া পৱন বৰাই নিজৰ কৰ্মব্যস্ততাৰ মাজতো ৰোগীসকলক বিনামূলীয়াকৈ এম্বুলেন্স সেৱা আগবঢ়াই যি মানৱীয় কৰ্ম কৰি আহিছে, সেয়া প্ৰকৃতাৰ্থত এক মহৎ কৰ্ম। পৱন বৰাৰ এনে মহান পদক্ষেপে বহুজন ৰোগীৰ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

নিয়মীয়া বাৰ্তা, হাৱাজান, ১৬ ফেব্ৰুৱাৰী :
You might also like