আহিল এডমিট কাৰ্ড, তথাপিও পৰীক্ষাত নবহে বৈভৱ সূৰ্যবংশী
আইচিচি U-19 বিশ্বকাপ ২০২৬ত ভাৰতীয় দলক বিজয় মুকুট পৰিধান কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীক লৈ এক গুৰুত্বপূৰ্ণ খবৰ পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে বৈভৱে এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব বুলি খবৰ প্ৰকাশ পাইছিল যদিও শেহতীয়া তথ্য অনুসৰি তেওঁ পৰীক্ষাত বহিব নোৱাৰিব। এই কথা নিজে বৈভৱৰ পিতৃয়ে জনাইছে।
তাজপুৰস্থিত Modesty Schoolৰ অধ্যক্ষ আদৰ্শ কুমাৰ ওৰফে পিন্টুৱে জনোৱা মতে, বৈভৱৰ পিতৃৰ সৈতে আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে Board of Control for Cricket in India (বিচিচিআই)ৰ ব্যস্ত সূচীৰ বাবে বৈভৱে পৰীক্ষাত অংশগ্ৰহণ কৰিব নোৱাৰিব। যদিও পৰীক্ষাৰ প্ৰস্তুতি আৰু কেন্দ্ৰ সম্পৰ্কীয় সকলো আনুষ্ঠানিকতা ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছিল।
তথ্য অনুসৰি বৈভৱ সূৰ্যৱংশীৰ পৰীক্ষা কেন্দ্ৰ সমষ্টিপুৰস্থিত Poddar International Schoolত নিৰ্ধাৰিত কৰা হৈছিল। বিদ্যালয়খনৰ অধ্যক্ষ নীল কিশোৰে ইয়াৰ নিশ্চিতকৰণ কৰি জনাইছিল যে বৈভৱৰ এডমিট কাৰ্ড ইতিমধ্যে লাভ কৰা হৈছে আৰু সকলো প্ৰয়োজনীয় নথিপত্ৰ বিদ্যালয় কৰ্তৃপক্ষৰ ওচৰত সুৰক্ষিতভাৱে সংৰক্ষিত আছিল। তেওঁ স্পষ্ট কৰি দিয়ে যে বৈভৱে এজন সাধাৰণ ছাত্ৰৰ দৰেই পৰীক্ষাত অৱতীৰ্ণ হ’লেহেঁতেন আৰু তেওঁৰ বাবে কোনো বিশেষ ব্যৱস্থা কৰা নহ’লেহেঁতেন।
তথ্য অনুসৰি দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। একেটা বিদ্যালয়তে দুয়োটা শ্ৰেণীৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। অৱশ্যে এতিয়া স্পষ্ট হৈছে যে বৈভৱ পৰীক্ষাত অংশগ্ৰহণ নকৰিব।
বৈভৱৰ জনপ্ৰিয়তাক লক্ষ্য কৰি সুৰক্ষা ব্যৱস্থা সন্দৰ্ভতো আলোচনা হৈছিল। সেয়ে বিদ্যালয় কৰ্তৃপক্ষই আগতীয়াকৈ স্থানীয় প্ৰশাসনক অৱগত কৰিছিল আৰু বিদ্যালয় চৌহদত বাহিৰৰ সুৰক্ষাৰ দায়িত্ব আৰক্ষীক অৰ্পণ কৰা হৈছিল। তথাপিও বিদ্যালয় পৰিচালনা সমিতিয়ে স্পষ্ট কৰিছিল যে কোনো এজন ছাত্ৰৰ বাবে পৃথকে বিশেষ সুৰক্ষা প্ৰদান কৰা নহ’ব আৰু পৰীক্ষা কেন্দ্ৰত সকলো ছাত্ৰৰ ক্ষেত্ৰতে একে নিয়ম প্ৰযোজ্য হ’ব।
ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী