ডিজিটেল ডেস্ক, ১৬ ফেব্ৰুৱাৰী : ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰি সোমবাৰে ভূপেন বৰাই কংগ্ৰেছৰ পৰা দলত্যাগ কৰাৰ পিছতে কংগ্ৰেছত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীৰ দলত্যাগৰ খবৰ পোহৰলৈ অহাৰ পিছতেই ভূপেন বৰাৰ বাসগৃহত উপস্থিত হয় গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, দেৱব্ৰত শইকীয়াকে ধৰি বহু জ্যেষ্ঠ নেতা।
ভূপেন বৰাৰ বাসগৃহত জ্যেষ্ঠ নেতাগৰাকীৰ দলত্যাগৰ সিদ্ধান্তক লৈ দীৰ্ঘ সময় কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে আলোচনা চলে। তাৰ পিছতেই এখন সংবাদমেল সম্বোধন কৰে ভূপেন বৰাসহ কেইবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতাই। এই সংবাদ মেলত ভূপেন বৰাক ক্ষমা খুজিলে সাংসদ গৌৰৱ গগৈয়ে।
গৌৰৱ গগৈয়ে কয় যে ভূপেন বৰা এগৰাকী প্ৰকৃত কংগ্ৰেছী। দলটোৰ তেওঁ মূলস্তম্ভ। যদি নজনাকৈ আমাৰ কিছু সিদ্ধান্তৰ পৰা তেওঁ আঘাত পাইছে, তাৰ বাবে তেওঁৰ ওচৰত ক্ষমা বিচাৰিছোঁ। তেওঁ আমাৰ ডাঙৰ দাদাৰ দৰে। যদি কেতিয়াবা কিবা ভুল কৰিছিলোঁ, তেনেহ’লে সৰু ভাই বুলি ক্ষমা কৰি দিব।