নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিমাকুছিত দুই লক্ষাধিক টকাৰ গাঞ্জাসহ চাৰিচকীয়া বাহন জব্দ

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ১২ ডিচেম্বৰ : কেইদিনমান পূৰ্বৰে পৰা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ সময়তে আজি জিলাখনৰ ডিমাকুছি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷

ওদালগুৰি-তামুলপুৰ পথত ডিমাকুছি আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে গোপন সূত্ৰৰ পম খেদি গাড়ীসহ জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ গাঞ্জা ৷ আৰক্ষীৰ তালাচীৰ সময়ত ওদালগুৰি দিশৰ পৰা অহা AS-25 Q-7208 নম্বৰৰ বগা বাহনখনক ৰ’বলৈ ইংগিত দিয়ে যদিও বাহনখনে আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে পিছে পিছে খেদি যোৱাত গাড়ীখন ডিমাকুছি চাহ বাগিচা নিউ লাইনত ৰখাই থৈ গাড়ীত থকা দুৰ্বৃত্তৰ দলটোৱে পলাই যাবলৈ সক্ষম হয় । পিছত ডিমাকুছি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমন সাহা আৰু টংলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিবেন্দ্ৰ ব্ৰহ্ম, ডিমাকুছি আৰক্ষী থানাৰ উপ-পৰিদৰ্শক জ্যোতিষ ইংতিৰ সৈতে যোৱা ডিমাকুছি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ গাড়ীখনৰ পৰা দুই লক্ষাধিক টকাৰ অধিক অৰ্থাৎ ৬২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

ইতিমধ্যে আৰক্ষীয়ে গাড়ীসহ গাঞ্জাখিনি জব্দ কৰি দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ বিগত কিছু বছৰৰ পৰা ওদালগুৰি নিচাযুক্ত সামগ্ৰীৰ কৰিড’ৰ হৈ পৰাৰ পাছতে আৰক্ষী এই অবৈধ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে ৷ সচেতন মহলে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত চক্ৰটোক উৎখাত কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷

You might also like